ত্ৰিনিদাদ এণ্ড ট'বেগোঃ বিবাহৰ পিছত স্বামী নিক জ’নাছৰ সৈতে কিদৰে সময় পাৰ কৰিছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই? ১ ডিচেম্বৰত আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতে স্বামী নিকৰ সৈতে লণ্ডনলৈ উৰা মাৰে দেশীগাৰ্ল খ্যাত এতিয়াৰ বিদেশৰ বোৱাৰী প্ৰিয়ংকা। 

লণ্ডনত দুয়ো উদযাপন কৰে বৰদিন। লণ্ডনত বৰদিনৰ আনন্দ উপভোগ কৰি নতুন বছৰত প্ৰিয়ংকা-নিকে ভৰি থয় ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ডত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সুমধুৰ ক্ষণ কটাই নৱ দম্পতীটো উপস্থিত হয় কেৰিবিয়ান দ্বীপপুঞ্জত।

কেৰিবিয়ান বীচ্ছত কিদৰে সময় পাৰ কৰিছে তাৰ শেহতীয়া কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে দুয়োগৰাকীয়ে। পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা-নিকে কেৰিবিয়ান বীচ্ছত নিবিড়ভাৱে সময় কটোৱা মুহূৰ্তৰ ছবি।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন ছবিত প্ৰিয়ংকাই স্বামী নিকক পিছফালৰ পৰা সাবটি ধৰা দেখা গৈছে। কেৱল সাবটি ধৰাই নহয় একেবাৰে নিকৰ বোকোচাত উঠি লৈছে প্ৰিয়ংকাই। এটা ভিডিঅ'ত সাগৰৰ পাৰত বিকিনি পিন্ধি থকা অৱস্থাতো দেখা গৈছে মোহময়ী প্ৰিয়ংকাক।

প্ৰিয়ংকাই পিছফালৰ পৰা সাবটি ধৰা ফটোখন শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিকে লিখিছে, "Mr & Mrs Jonas"। ইতিমধ্যে এই ফটোখনে নিকৰ ইনষ্টাগ্ৰাম একাউণ্টত লাভ কৰিছে ২.৬ মিলিয়ন লাইক।