ডিজিটেল ডেস্কঃ অৱশেষত সকলোৰে প্ৰিয় অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাৰ বিয়াৰ দিন কাষ চাপিল৷ খবৰ অনুসৰি তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া যোধপুৰস্থিত ওমেদ পেলেচত বিবাহৰ স্থান বাচি লৈছে এই প্ৰেমযুগলে৷ 

অহা ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে বিবাহৰ দিন ধাৰ্য কৰা হৈছে বুলি জানিব পৰা যায়৷ আনহাতে ২ ডিচেম্বৰত পৱিত্ৰ বান্ধোনত সাঙুৰ খাই পৰিব দুই প্ৰেমিক-প্ৰেমিকা৷ বিয়াৰ দিন কাষ চাপি অহাৰ বাবে নিক আৰু প্ৰিয়ংকাৰ পৰিয়ালৰ ব্যস্ততাও বাঢ়িছে৷ আত্মীয় স্বজন, ঘনিষ্ঠ বন্ধু বৰ্গ উপস্থিত থাকিব তেওঁলোকৰ বিয়াত৷ আনফালে প্ৰিয়ংকাৰ ভনীয়েক পৰিনীতিয়ে বায়েকৰ বিয়াত নিমিষতে কমাব ৭৪ কোটি টকা৷ 

বিয়াৰ এক পৰম্পৰা অনুসৰি কইনা ঘৰত গৈ পোৱাৰ লগেই দৰাই পিন্ধি অহা জোতা চুৰ কৰি কইনাঘৰীয়াই ভিন্ন দাবী ৰাখে দৰাঘৰীয়াৰ সন্মুখত। ঠিক তেনেদৰে নিকৰ মৰমৰ খুলশালীয়েকে পৰিনীতিয়ে এক সাক্ষাৎকাৰত জোতাৰ বিনিময়ত ৩৭ কোটি টকা দাবী কৰিব বুলি কয়৷ 

চাবলৈ গ’লে নিকৰ বাৰ্ষিক আয় প্ৰায় ১৭২ কোটি টকা৷ সমূহীয়াভাৱে চালে প্ৰিয়ংকা আৰু নিকৰ বাৰ্ষিক আয় হ’বলৈ প্ৰায় ২৩৫ কোটি টকা৷ কিন্তু হলিউডৰ গায়ক নিক জৌনাছে মৰমৰ খুলশালীয়েকক ৩৭ নহয় ৭৪ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি কৰে৷