গুৱাহাটীঃ জনমতক উপেক্ষা কৰি ৰাজ্য চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বাবে উঠিপৰি লাগিছে৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যৰ পুৰোধা ব্যক্তি সকলৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছে৷

ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে "মই টকা দিম, মই কলেজ সাজিম, মই কলেজ চলাম, গতিকে কলেজৰ নামো মোৰ ইচ্ছা মতেই হ'ব" বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে৷ কেৱল ইমানে নহয় বুদ্ধীজিৱী ড০ হীৰেন গোঁহাইক তুচ্ছ-তাচ্ছিল্য কৰে মন্ত্ৰীগৰাকীয়ে৷ বুদ্ধীজিৱী নহয় বৌদ্ধিক দীনতাৰ সৃষ্টি কৰা বুলি কয় মন্ত্ৰী হিমন্তই৷

হিমন্তই বিশিষ্ট নাগৰিকগৰাকীক এনেদৰে উপলুঙা কৰাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ছ'চিয়েল মিডিয়াত মন্ত্ৰীগৰাকীক একাংশ লোকে গৰিহণা দিয়ে৷ ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া মহাবিদ্যালয়ৰ নামাকৰণ সন্দৰ্ভত তোলপাৰ লাগি থকাৰ সময়তে হিমন্তৰ এনে মন্তব্যই জ্বলা জুইত যেন ঘিউ হে ঢালিলে৷

বিজেপি দলৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যয়ৰ নামত ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহৰ নামাকৰণ কৰিব বিচৰাৰ বিপৰীতে ৰাজ্যৰ দল-সংগঠন তথা ৰাইজে মহাবিদ্যালয় সমূহৰ নাম থলুৱা মহানলোকসকলৰ সকলৰ নামত হ’ব লাগে বুলি যুক্তি প্ৰদৰ্শন কৰে৷

একাংশ লোকে অসমৰ মাটি-পানীৰ সৈতে সম্পৰ্ক নথকা তথা কোনে দিনে নাম নুশুনা লোক এজনৰ নামত মহাবিদ্যালয় নিৰ্মাণৰ বিৰোধিতা কৰে। কেন্দ্ৰীয় চৰকাৰ তথা আৰ আৰ এছক সন্তুষ্ট কৰাৰ বাবে জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপিৰ লোকসকলে মহাবিদ্যালয়সমূহৰ নাম দীনদয়াল উপাধ্যায় কৰিব খোজা বুলি অভিযোগ উত্থাপিত হৈছে।

বিশিষ্ট নাগৰিক তথা বুদ্ধীজিৱী ড০ হীৰেন গোঁহাইক উপলুঙা কৰা তথা দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যজুৰি শিক্ষামন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰে৷ 

NNO শিমলুগুৰিঃ ৰাজ্য জনসাধাৰণৰ জনমতক নস্যাৎ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দম্ভালিৰে দীনদয়াল উপাধ্যায়ৰ নামত অসমত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হ’ব বুলি কোৱাৰ লগতে ড০ হীৰেন গোহাঁইক অপমানসূচক মন্তব্য কৰা কাৰ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে প্ৰতিবাদী জনায়।সংগঠনটোৰ শিমলুগুৰি আঞ্চলিকৰ সমিতিৰ সভাপতি বিকাশ ফুকন সম্পাদক লক্ষী শইকীয়া আৰু জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু ফুকন আৰু সহঃ সম্পাদক আছিফ ইছলামৰ লগতে গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক ল্যু-চুন শ্যাম গোঁহাই, ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিতু সোণোৱালৰ লগতে সংগঠনটোৰ কৰ্মীসকলে শিক্ষাক গেৰুৱাকৰণ বন্ধ কৰক, হিমন্ত বিশ্ব মুৰ্দাবাদ আদি শ্ল’গানৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰি শিমলুগুৰিৰ মাজমজিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

NNO শিৱসাগৰঃ দীনদয়াল উপাধ্যায়ৰ নামত অসমত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব বিছৰাৰ লগতে ড০ হীৰেন গোহাঁইক তুচ্ছ-তাচ্ছিল্য কৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ নগৰ সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুত্তলিকা দাহ কৰে।

NNO চাবুৱাঃ জনমতক উপেক্ষা কৰি বিজেপি চৰকাৰে দীনদয়াল উপাধ্যায়ৰ মহাবিদ্যালয় স্থাপন কৰাৰ লগতে ড০ হীৰেন গোহাঁইকলৈ অপমানজনক মন্তব্য কৰাত জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ আজি সমগ্ৰ অসমৰ সচেতন সমাজৰ লগতে চাবুৱা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ চাবুৱা আঞ্চলিকৰ সভাপতি জিতুপন শইকীয়া, জগজিত গোহাঁই, পলাশ গগৈ, যুটীয়া সম্পাদক দিপ শইকীয়া, দিপাঙ্কৰ গগৈ আৰু যোগল বৰুৱাৰ লগতে সংগঠনটোৰ কৰ্মীসকলে ড০ হীৰেন গোহাঁই ছাৰ জিন্দাবাদ, শিক্ষা গেৰুৱাকৰণ বন্ধ কৰক, হিমন্ত বিশ্ব মুৰ্দাবাদ আদি শ্ল’গান দি হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।