নতুন দিল্লীঃ নূন্যতম আয়ৰ আঁচনিৰ পাছত এইবাৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আন এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

দেওবাৰে টুইটাৰযোগে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে দলটো যদি ক্ষমতালৈ আহে তেন্তে ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ২২ লাখ পদ পূৰণ কৰা হ’ব।

স্বাস্থ্য, শিক্ষাখণ্ডকে ধৰি বিভিন্ন বিভাগৰ এই খালী পদ পূৰণৰ বাবে প্ৰয়োজনীয় ধন কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহলৈ যোগান ধৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।

উল্লেখ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে বছৰি দুই কোটিকৈ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও যোৱা পাঁচ বছৰত তেওঁৰ চৰকাৰে কৰ্মসংস্থাপনতো দূৰৰ কথা বিমুদ্ৰাকৰণকে ধৰি আন আন আঁচনি কেতবোৰৰ বাবে লাখ লাখ লোকে চাকৰি হেৰুৱাবলগীয়া হয়।