নতুন দিল্লীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে মঙলবাৰে দলীয় ইস্তাহাৰ জাৰি কৰে৷ সম্পদ আৰু বিকাশত গুৰুত্ব প্ৰদান কৰা এই ইস্তাহাৰে সমগ্ৰ ৰাজনীতিতে জোকাৰণি তুলিছে৷ ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ দলটোৱে বাস্তৱায়িত কৰিলে ই দেশৰ জনতাৰ বাবে সুদূৰপ্ৰসাৰি হ’ব৷ কিন্তু সেয়া কিমান দূৰ সম্ভৱ বা এই ইস্তাহাৰে দেশৰ ভোটাৰ ৰাইজক কিমান দূৰ প্ৰভাৱিত কৰে সেয়া নিৰ্বাচনীৰ ফলাফলৰ সময়তহে গম পোৱা যাব৷ 

ইস্তাহাৰ প্ৰকাশ কৰি অধ্যক্ষ ৰাহুল গান্ধীয় কয় যে দলটোৱে পাঁচটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ সেইকেইটা হ’ল কৃষকৰ ঋণ, নিবনুৱা সমস্যা দূৰীকৰণ, উদ্যোগ সমূহলৈ সহায়ৰ হাত, শিক্ষা আৰু স্বাস্থ্যখণ্ড৷ 

গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিসমূহঃ  
প্ৰত্যক বছৰে ২০ শতাংশ দৰিদ্ৰলোকক ন্যায় যোজনাৰ অধীনত (Nyay) ৭২ হাজাৰ প্ৰদান কৰা৷
চাকৰিৰ বাবে ২২ লাখ খালী থকা পদবোৰক ২০২০ চনলৈকে ভৰ্তি কৰোৱা হ’ব৷
জী এছ টিক সহজ কৰা৷
মনৰেগাৰ অধীনত ১০০ দিনৰপৰা ১৫০ দিনলৈ কামৰ দিন বৃদ্ধি
ৰাফেলৰ লগত পাঁচ বছৰে জড়িত থকা সকলো তথ্য তদন্তৰ কৰা৷
গ্ৰাম পঞ্চায়তত ১০ লাখ চাকৰিৰ পদত নিযুক্তি৷
জিডিপিৰ ৬ শতাংশ শিক্ষাৰ বাবে খৰচ৷
কৃষকৰ বাবে বেলেগকৈ বাজেটৰ ব্যৱস্থা, কৰ দিব নোৱাৰাটো অপৰাধজনিত বিষয় নহ’বলৈ৷
সাংসদ আৰু বিধানসভাত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ৷
চৰকাৰী হাস্পতালৰ ব্যৱস্থা মজুবত কৰা৷
হিংসাত্মক বিষয়ত বিৰোধীতা কৰা, লোকসভাত নতুন আইন প্ৰণয়ন৷
জম্মু আৰু কাশ্মীৰৰ সেনাসকলৰ সুৰক্ষাৰ সমীক্ষা৷
এ এফ এছপিএ আইনৰ সমীক্ষা৷
অনুচ্ছেদ ৩৭০ত কোনোধৰণৰ সাল সলনি নকৰা৷ 
ৰাজদ্ৰোহ শেষ কৰা৷