ডিজিটেল ডেস্কঃ ৰেল ব’ৰ্ডৰ চেয়াৰমেনৰ পিছত এইবাৰ ৰেলমন্ত্ৰী। উত্তৰ প্ৰদেশত অগা-পিছাকৈ সংঘটিত হোৱা দুটাকৈ ৰেল দুৰ্ঘটনাৰ পিছতে পদত্যাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৰেলমন্ত্ৰী সুৰেশ প্ৰভুৱে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্দৰ্ভত সাক্ষাৎ কৰি টুইট কৰে মন্ত্ৰীগৰাকীয়ে। টুইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগৰ পৰিৱৰ্তে অপেক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ কথাও তেওঁ সদৰী কৰে।

উল্লেখ্য যে আজিয়েই ৰেল মন্ত্ৰণালয়লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেল ব’ৰ্ডৰ অধ্যক্ষ এ কে মিত্তালে। ইয়াৰ পিছতে এয়াৰ ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক অশ্বিনী লোহানিক উক্ত পদত নিযুক্ত কৰা হয়।

ৰেল ব’ৰ্ডৰ অধ্যক্ষ মিত্তালৈ পদত্যাগ কৰাৰ অন্তত সকলোখিনি থানথিত হ’বলৈ নৌপাওতেই নৈতিক দায়িত্ব স্বীকাৰ কৰি প্ৰভূৱে এনদৰে প্ৰদত্যাগ কৰিবলৈ ওলোৱাত মন্ত্ৰণালয়ত চাঞ্চল্যৰ সৃষ্টি হয়।

ইফালে টুইটাৰত বিগত সময়ত ৰেল মন্ত্ৰণালয়ত চলি থকা কেৰোণ সম্পৰ্কেও ক্ষোভ উজাৰে ৰেলমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, 'প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিগত দশকসমূহত অৱহেলাৰ চিকাৰ হৈ অহা ৰেল বিভাগক এক বিশেষ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছো।’

শনিবাৰে মুজাফৰনগৰত পুৰী-হৰিদ্বাৰ উৎকল এক্সপ্ৰেছ লাইনচ্যুত হৈ অতি কমেও ২৫ জন যাত্ৰী নিহত হোৱাৰ পিছত মঙলবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় কৈফিয়াৎ এক্সপ্ৰেছ। এই দুৰ্ঘটনাত অতি কমেও ৭০ জন যাত্ৰী আহত হয়।

উল্লেখ্য যে, স্বাধীন ভাৰতৰ ইতিহাসত এতিয়ালৈ দুগৰাকী ৰেলমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল। প্ৰথমগৰাকী হৈছে লালবাহাদুৰ শাস্ত্ৰী। ১৯৫৬ চনত তামিলনাডুত সংঘটিত ৰেল দুৰ্ঘটনাত ১৪২ জন যাত্ৰী নিহত হোৱাৰ পিছতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল। 

নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা আনগৰাকী ৰেলমন্ত্ৰী হৈছে নীতিশ কুমাৰ। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ শাসন কালত ১৯৯৯ চনত গাইশালত সংঘটিত ভয়াৱহ দুৰ্ঘটনাত ২৯০ গৰাকীয় যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ পিছত পদত্যাগ কৰিছিল বৰ্তমান বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত নীতিশে।

আনহাতে ২০০০ চনত বাজেপয়ী চৰকাৰৰ সময়তে দুটাকৈ ৰেল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল তদানীন্তন ৰেলমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কিন্তু বাজপেয়ীয়ে মমতাৰ পদত্যাগ মানি ল'বলৈ অস্বীকাৰ কৰে।

এতিয়া প্ৰভুৰ পদত্যাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানি ল'লে তেওঁ হ'ব নৈতিক দায়িত্ব স্বীকাৰ কৰি দায়িত্বৰ পৰা অব্যাহতি লোৱা দেশৰ তৃতীয়গৰাকী ৰেলমন্ত্ৰী।