নাৰায়ণপুৰঃ মঙলবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে লখিমপুৰ জিলাৰ ধলপুৰবাসী। আজি ঘোষিত ফলাফলৰ বিজ্ঞান শাখাত ঢলপুৰৰ অতি দুখীয়া পৰিয়ালৰ সন্তান ৰাজা বাবু শইকীয়াই প্ৰথম স্থান দখল কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ কেইটামান নম্বৰৰ বাবে স্থান দখলত ব্যৰ্থ হৈছিল ৰাজা। ব্যৰ্থতাৰ পৰা শিক্ষা লৈ এইবাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ধলপুৰ ৰজাবাৰীৰ নিবাসী জান্তুমণি শইকীয়া আৰু বুলু শইকীয়াৰ সুযোগ্য সন্তান ৰাজা বাবু শইকীয়া। দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজা বাবু শইকীয়াৰ মেধাৰ বিষয়ে অৱগত হৈ নগাওঁ ৰামানুজন জুনিয়ৰ কলেজ কৰ্তৃপক্ষই তেওঁক বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিছিল। আজি সফলতাৰ শীৰ্ষত আৰোহণ কৰাৰ পিছতে  শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষক ৰাজাৰ লগতে পৰিয়ালৰ লোকসকলেও ধন্যবাদ জ্ঞাপন কৰে।

ৰাজাৰ পিতৃয়ে এটা সময়ত দিন হাজিৰা কৰি অতি কষ্টেৰে পৰিয়ালটি পোহ-পাল দিয়াৰ লগতে সন্তানৰ শিক্ষাৰ খৰচ বহন কৰিছিল। যাৰ ফলস্বৰূপে আজি সন্তানৰ কৃতকাৰ্যতাত আনন্দত আত্মহাৰা হৈ পৰিছে ৰাজাৰ পিতৃ-মাতৃ।

এতিয়া উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজাক চৰকাৰে সহায়ৰ হাত আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে শিক্ষানুৰাগী মহলে। ইফালে ৰাজা বাবুৰ এনে আৰ্থিক দীনতাৰ বিষয়ে জানিব পাৰি ডিব্ৰুগড়ৰ এখন নাৰ্ছিং কলেজৰ অধ্যাপিকা মছফিকা খানমে ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।