Printer-friendly version

চাহপাতৰ নিলাম কেন্দ্ৰ অসমলৈ হস্তান্তৰ, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, বিদেশীক চিনাক্ত কৰি ততাতৈয়াকৈ বহিষ্কাৰ কৰা, অসমীয়া ভাষাৰ মৰ্যাদা উদ্ধাৰ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ (NRC), অবৈধ নাগৰিক সংস্থাপনৰ বিৰুদ্ধে অসমীয়া মানুহে প্ৰতিবাদ কৰি আহিছে। প্ৰতিবাদ নকৰিলে অসমীয়াই পায় কি, দিল্লীয়ে আমাৰ কেঁচা সোণ চাহপাত নিছে, প্ৰাকৃতিক গেছ-তেল, ক’লা হীৰা কয়লা আদি মূল্যৱান প্ৰাকৃতিক সম্পদ অসমীয়াক বুৰ্বক সজাই নি আছে যদিও দিল্লীয়ে আমাক দিছে কি?

দেশৰ ভিতৰত সৰ্বাধিক চাহপাত আমাৰ ৰাজ্য অসমত উ९পাদন হয়। কিন্তু তাৰ নিলাম কেন্দ্ৰ আছে পশ্চিমবংগত। যাৰ দ্বাৰা অসমৰ পৰিৱৰ্তে লাভ হয় পশ্চিমবংগৰ। খাৰুৱা তেল আমাৰ পৰা নিয়াত দিল্লীয়ে যিমান গুৰুত্ব দিয়ে কিন্তু ৰয়েল্টীত সিমান গুৰুত্ব দিয়ে জানো? অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গৈ মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ভিক্ষা কৰাৰ লগতে অসমৰ মানুহে ৰাজপথত নমাৰ পিছতহে মুকলি কৰি দিয়ে ৰয়েল্টী।

ৰাষ্ট্ৰীয় দলবোৰে অসমৰ সম্পদক দেশৰ সম্পদ বুলি কোৱাত যিমান গুৰুত্ব দিয়ে তাৰ বিপৰীতে কিন্তু অসমৰ সমস্যাক দেশৰ সমস্যা বুলি নাভাবে। বছৰেকৰ ছমাহ পানীত ককবকাই মাটি-ভেটি হেৰুৱাই অসমীয়া ভিক্ষাৰী হয়। অবৈধ নাগৰিক মাটি-ভেটি, ভাষাৰ প্ৰতি ভাবুকি হৈ পৰিছে। কৰ্মসংস্থাপন নাপাই বহিঃৰাজ্যৰ কোম্পানীত অসমীয়া যুৱকে দিন-হাজিৰা কৰিছে। এই সমস্যাবোৰক দেশৰ সমস্যা বুলি ৰাষ্ট্ৰই কেতিয়াও নাভাৱে।

বিশ্বৰ একমাত্ৰ বৃহ९ নদীদ্বীপ মাজুলী ৰক্ষাৰ বাবে দিল্লীয়ে কি ব্যৱস্থা ল’লে। নিৰ্বাচনৰ সময়ত দিল্লীৱালা নেতাই কেৱল ভোটৰ স্বাৰ্থত কিছুমান প্ৰতিশ্ৰুতি দিয়ে। যি প্ৰতিশ্ৰুতিত আমি সহজ-সৰল অসমীয়াই ভোল যাওঁ। নিৰ্বাচন পাৰ হোৱাৰ পিছত দিল্লীয়ে আমাক বুঢা আঙুলি দেখুৱায়।

আমি ভাষাটো ৰক্ষাৰ বাবে আন্দোলন কৰি বহুতক হেৰুৱালো। খাৰুৱা তেলৰ ৰয়েল্টী বিচাৰি, আন্তঃৰাজ্যিক পাৰপত্ৰ বিচাৰি, ভাৰত-বাংলাদেশ সীমান্ত ছীল, বিদেশী বহিষ্কাৰৰ দাবীত কেইবাটাও দশক ধৰি অসমীয়া যেন ৰাজপথতে আছে। প্ৰতিবাদ নকৰিলে, কপালৰ ঘাম মাটিত পেলাই পিঠি পোৰা ৰদত শ্লোগান নিদিলে, বন্দুকৰ গুলী বুকু পাতি নল’লে আমি যেন গুৰুত্বহীন।

দিল্লীয়ে আমাক দিবলৈ ইচ্ছা নকৰে হয়, কিন্তু নিবলৈ কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ আমাৰ তৈলক্ষেত্ৰ কেইখন নিলে। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট অনুমোদন সাপেক্ষে ব্যক্তিগত খণ্ডৰ হাতত গতোৱা হল আমাৰ স্বাভিমান তৈলক্ষেত্ৰসমূহ। ডিপ্লং, বৰচিলা, লক্ষ্মীজান, চৰাইদেউ, জেৰাইপথাৰ আৰু দুৱাৰমৰা তৈলক্ষেত্ৰ ভাৰত চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ হাতত নিলাম কৰে।

ৰাজ্যৰ আবাল, বৃদ্ধ বনিতা, ডেকায়ো ৰাজপথত নামি তেলক্ষেত্ৰ নিলামৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ পিছতো অসমীয়াৰ আৱেগ যেন দিল্লীৰ ওচৰত গুৰুত্বহীন। জনমতক বুঢ়া আঙুলি দেখুৱাই পুঁজিপতিক তৈলক্ষেত্ৰ গতাই প্ৰাকৃতিক সম্পদৰ ওচৰত আমাৰ অধিকাৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰিলে।

কেন্দ্ৰই ৰাজ্য চৰকাৰক ধন আবণ্টন দি তেলক্ষেত্ৰসমূহ আধুনিকীকৰণৰ সুবিধা প্ৰদানেৰে ৰাজহ বৃদ্ধিৰ সুবিধা দিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি বহুজাতিক কোম্পানীক আমাৰ অভিমান গতাই দিয়া হ’ল।

অসমীয়াই সমস্যা সমাধানৰ বাবে আৰু কিমান দিনলৈ ৰাজপথত নামিব লাগিব। অসমৰ বানপানীক কেতিয়া ৰাষ্ট্ৰীয় সমস্যা বুলি ভাবিব দিল্লীয়ে। চাহপাতৰ নিলাম কেন্দ্ৰ কেতিয়া অসমলৈ আহিব। ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰি অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰা অবৈধ নাগৰিকক কেতিয়া বহিষ্কাৰ কৰিব দিল্লীয়ে। নে অসমীয়াই সদায় ৰাজপথত নামি আন্দোলনেই কৰি থাকিব লাগিব।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)