সৰভোগঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁ৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখিছে। ইমানৰ পিছতো দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি সংগ্ৰাম কৰি কিবা এটা কৰি দেখুওৱাৰ আশা পুহি ৰাখিছে তেওঁ৷ 

যাৰ বাবে আনৰ গ্ৰীলৰ দোকানত কাম কৰি হ'লেও সাধনা কৰি গৈছে সংগীতৰ৷ পিতৃ-মাতৃৰ উপাৰ্জনেৰে পৰিয়াল নচলে বাবে ডাঙৰ হৈয়ে আনৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰি পৰিয়াল-পোহপাল দিয়ে ৰাজু ডেকাই৷ পুৱাই ভাত সাজ খাই গ্ৰীলৰ দোকানলৈ ওলাই যায় ৰাজু৷ 

আনৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰা ৰাজুৰ এগৰাকী ভাল শিল্পী হোৱাৰ মন৷ গ্ৰীলৰ কাম কৰা ৰাজুৰ সপোনটোৱে মনত দোলা দি থাকে৷ দিনৰ দিনটো আনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰি হ'লেও প্ৰতিদিনে সংগীতৰ সাধনা কৰি গৈছে বৰপেটা জিলাৰ সৰভোগৰ দক্ষিণ গণকগাৰীৰ দৰিদ্ৰ ৰামেশ্বৰ ডেকাৰ পুত্ৰ ৰাজু ডেকাই৷ 

সৰভোগ আৰক্ষী থানাৰ সমীপৰ দাস ইণ্ডাষ্ট্ৰী নামৰ গ্ৰীলৰ দোকানত কাম কৰি আজৰি সময়ত সংগীতৰ চৰ্চা কৰে ৰাজুৱে৷ স্থানীয় বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ গ্ৰীলৰ দোকানত কাম কৰা ৰাজু ডেকা এতিয়া গীটাৰৰ বিশাৰদ। 

বহুবছৰ ধৰি কৰুণা দাসৰ গ্ৰীলৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিয়াৰ লগে লগে সংগীত চৰ্চা অব্যাহত ৰাখিছে। গ্ৰীলৰ দোকানত কাম কৰা টকাৰে পৰিয়ালক ভৰণ-পোষণ দি অহাৰ লগতে গুৱাহাটী মহানগৰীৰ নাৰায়ণ ভৰালী সংগীত মহাবিদ্যালয়ত সময় উলিযায় গীটাৰৰ প্ৰশিক্ষণো লয় ৰাজুৱে৷ 

ইতিমধ্যে কেইবাটাও অসমীয়া গীত নিজা পৰিকল্পনাৰে বাণীবদ্ধ কৰিছে ৰাজুৱে৷ গীতসমূহ ৰাইজে আদৰি লোৱাৰ লগতে শেহতীয়াকৈ মুক্তি দিয়া 'জিন্স টি ছাৰ্ট' শীৰ্ষক ভিডিঅ' গীতটোৱে জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। প্ৰযোজক অবিহনে নিজৰ সাঁচতীয়া টকাৰে ৰাজুৱে নিৰ্মাণ কৰি গৈছে এটাৰ পাছত আন এটা গীতৰ ভিডিঅ'।