গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমান সকলো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী শ্ৰী ৰামেশ্বৰ তেলীয়ে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে৷

মনোনয়ন পত্ৰ দাখিলৰ সময়ত ড° হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্যকর্তাসকলৰ সৈতে সংগ দিয়ে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও৷ 

তেখেতে কয় মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ দ্ৰুত উন্নয়নৰ যাত্ৰাক নতুন গতি দিয়াৰ বাবে আমি সকলোৱে একেলগে আগবাঢ়ি যাম। লগতে এই কাম নিয়াৰিকৈ সামৰণি কৰে সকলোৱে৷