newsnextone.com | ৰঙিয়াঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই আজি সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই খণ্ড বন বিষয়াগৰাকীক ভেটি লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলায়৷ এই গৰাকী বন বিষয়াৰ নাম ধীৰাজ দাস৷ প্ৰায় ডেৰ মাহ পূৰ্বে মাথোন এইগৰাকী বন বিষয়াই ৰঙিয়াত যোগদান কৰিছিল৷ 

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ধীৰাজ দাসক গ্ৰেপ্তাৰ কৰি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে৷ প্ৰাপ্ত তথ্য মতে, খণ্ড বন বিষয়া ধীৰাজ দাসে কোনো কামৰ বাবে এজন ব্যৱসায়ীৰ পৰা অনৈতিকভাৱে ১২ হাজাৰ টকা দাবী কৰিছিল৷ পিছত ব্যৱসায়ীজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰাত আজি দুৰ্নীতি নিবাৰক শাখাই এক জাল পাতি বন বিষয়াগৰাকীক হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ 

জানিব পৰা মতে, বন বিষয়াগৰাকীয়ে আজি ব্যৱসায়ীজনৰ পৰা দাবী কৰা ধনৰ ৯ হাজাৰ টকা লৈ থাকোতে এইদৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয়৷ বন বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ পিছতে অভিযানকাৰী দলটোৱে তেওঁৰ বাহনৰ লগতে চৰকাৰী আৱাসত তন্ন তন্নকৈ তালাচী অভিযান চলায়৷ সম্প্ৰতি তেওঁক গুৱাহাটীলৈ লৈ যোৱা হৈছে৷