ধিংঃ মানসিক বিকাৰগ্ৰস্ত মহিলাকো কামনাৰ বলি কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱত। জিলাখনৰ ডুমডুমীয়াত মানসিক বিকাৰগ্ৰস্ত মহিলাক ধৰ্ষণৰ অভিযোগ।

অাৰক্ষীয়ে অভিযুক্ত অাব্দুল হামিদ অাৰু মাইজুল ইছলামক আটক কৰিবলৈ সক্ষম হয়। ডুমডুমীয়া সাপ্তাহিক বজাৰৰ সমীপৰ মৰাপাটৰ খেতিত আজি সন্ধিয়া এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। বৰ্তমান মহিলাগৰাকীক ধিং এফঅাৰইউত ভৰ্তি কৰা হৈছে৷