পৰিকল্পিতভাৱে হত্যাৰ সন্দেহ আমছুৰ 

newsnextoneবিলাসীপাৰা,১১ অক্টোবৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বেলতলি গাৱৰ নবেদ আলীৰ বোৱাৰীৰ ৰহস্য জনক মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে যোৱা ৰাতি আনুমানিক দুটা বজাত নবেদ আলীৰ পুত্র ৰফিকুল ইছলামৰ পত্নী ৰেশমিনা বেগমে (২৪) ফাঁচী লৈ মৃত্যু বৰণ কৰা বুলি ৰফিকুল ইছলামে শিবেৰ ডাৱৰী(ইছলাম পুৰ)ৰ শাহুৱেকক ফোন যোগে খবৰ দিয়ে। ৰেশমিনা বেগমৰ মৃত্যুৰ হোৱা বুলি খবৰ পাই পিতৃ গৃহৰ পৰিয়ালৰ লোকে লৰা-লৰি কৈ আহি ৰেশমিনা বেগমৰ স্বামীৰ গৃহত উপস্থিত হৈ ৰেশমিনা বেগমৰ মৃত্যু দেহতো শুই থকা অবস্থাত প্ৰত্যক্ষ কৰে। ফাঁচী লৈ মৃত্যু বৰণ কৰা ৰেশমিনা বেগমক শুই থকা দেখা পাই পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে। 

ৰফিকুলৰ ইছলামৰ প্ৰথমা ছোৱালীক এই সম্পৰ্কে সোধাত তেওঁ কয় যে আব্বা, দাদা, দাদিয়ে মোৰ মাক ডেঙিচেপি হত্যা কৰিছে বুলি জানিবলৈ দিয়ে। এনে ঘটনা সংঘটিত হোৱাৰ খবৰ পাই বিলাসীপাৰা আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসনে ঘটনাস্থলিত উপস্থিত হৈ ৰেশমিনা বেগমৰ স্বামী, শহুৰেকক কৰায়াত্ব কৰি ৰেশমিনা বেগমৰ মৃতদেহসহ সহ থানা লৈ আহে। 

আজি ৰাতিপুৱা ১০,৩০ বজাত পিতৃ গৃহৰ পৰিয়ালৰ জহৰ আলীয়ে ৰেশমিনা বেগমৰ স্বামী ৰফিকুল ইছলাম, শহুৰেক শাহুৱেকৰ নামত এখন এজাহাৰ দাখিল কৰিছে। এনে কাণ্ডক বিলাসীপাৰা জিলা আমছু, NSUI য়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতিপলমে উক্ত ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায়। অন্যথা গণতান্ত্ৰিক ভাৱে পুলিচ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি দল সংগঠনে সকিয়াই দিয়ে। 
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন  ।