গুৱাহাটীঃ CAA বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ এইবাৰ যেন সাংস্কৃতিকভাৱেও আক্ৰমণাত্মক হৈ উঠিছে চৰকাৰ-প্ৰশাসন! এই সাংস্কৃতিক  আক্ৰমণৰ ৰোষত পৰিবলগীয়া হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা।

প্ৰাপ্ত বাতৰি মতে, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ সম্পাদক অনিমেষ ভাগৱতীয়ে বিশ্ববিদ্যালয় সপ্তাহ তথা ভাৰ্চিটি উইক আৰম্ভ হোৱাৰ প্ৰায় ২০ দিন পূৰ্বেই ৰবীন্দ্ৰ ভৱন বুক কৰিছিল। কটনৰ কেবাটাও হোষ্টেলৰ পৰা ৬খন নাটক আৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ, অৰ্থনীতি, ভূগোল বিজ্ঞান আৰু উচ্চতৰ মাধ্যমিকৰ ৪খন নাটক সহিতে মুঠ ১০খন  নাটকৰ মাজত ১২ ফেব্ৰুৱাৰীত প্ৰতিযোগিতা অনুষ্ঠিত  হোৱাৰ কথা আছিল। কিন্তু হঠাতে ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই বাতিল কৰি দিয়ে এই বুকিং। 

কি প্ৰতিক্ৰিয়া কটনৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ?

এই সন্দৰ্ভত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক অনিমেষ ভাগৱতীয়ে কয় যে প্ৰতিযোগিতাৰ এদিন পূৰ্বেই হঠাৎ তেওঁলোকৰ পৰা পাণ্ডুলিপি বিচাৰে ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই। কিন্তু সেয়া দিব নোৱৰা বাবে আগতীয়া বুকিং বাতিল কৰি দিয়ে বুলি জনাইছে সাংস্কৃতিক সম্পাদকগাৰকীয়ে। 

'আমি প্ৰায় ২০ দিন আগতেই বুক কৰিছিলো ৰবীন্দ্ৰ ভৱনৰ মঞ্চ। বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ মেৰামতি চলি থকাৰ বাবেই আমি ৰবীন্দ্ৰ ভৱন বুক কৰিবলগীয়া হৈছিল। ১২ তাৰিখে আমাৰ নাটক মঞ্চস্থ কৰাৰ কথা আছিল। কিন্তু ১১ তাৰিখে নিশা আমাক ৰবীন্দ্ৰ ভৱনৰ তৰফৰ পৰা মঞ্চস্থ হ'ব লগা প্ৰতিখন নাটকৰ স্ক্ৰিপ্ট বিচৰা হ'ল। যিহেতু এদিন পাছতেই আমাৰ নাটকসমূহ মঞ্চস্থ কৰিব লাগিব, গতিকে হঠাৎ ইমানকেইখন নাটকৰ পাণ্ডুলিপি একেলগে জমা দিয়াতো আমাৰ বাবে সম্ভৱ নাছিল। সেয়ে আমাৰ বুকিং তেওঁলোকে কেন্সেল কৰিলে।’-সাংস্কৃতিক সম্পাদক অনিমেষৰ মন্তব্য।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে কি কয়?

ৰবীন্দ্ৰ ভৱনৰ এনে কাৰ্যক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। NNOৰ সৈতে হোৱা বাৰ্তালাপত কেবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কয় যে মঞ্চস্থ হ’বলগীয়া কেবাখনো নাটক 'কা’ বিৰোধী হোৱা বাবেই এনে কৰা হ’ল। 'আগতে নাটক আৰু বাকী প্ৰগ্ৰেমবোৰ আমাৰ ইউনিভাৰ্ছিটিৰ অডিটৰিয়ামতে হয়। এইবাৰ মেৰামতি চলি থকা বাবে ইউনিয়নৰ ফালৰ পৰা ৰবীন্দ্ৰ ভৱন বুক কৰা হ’ল। নাটকৰ আগদিনা আমাৰ নৃত্য প্ৰতিযোগিতাও আছিল। সেয়া ৰবীন্দ্ৰ ভৱনতে হ'ল। কিন্তু নাটকৰ বাবে অনুমতি দিয়া নহ'ল। আমি জনাত 'কা’ বিৰোধী নাটক ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰাৰ অনুমতি নিদিবলৈ ওপৰৰ পৰা নিৰ্দেশ আহিছে। আমাৰ নাটক দুখনমান 'কা’ বিৰোধী আছিল। সেয়ে আগতীয়াকৈ স্ক্ৰীপ্ট বিচাৰি আমাৰ প্ৰগ্ৰেম তেওঁলোকে কেন্সেল কৰি দিলে।’-বিশ্ববিদ্যালয়খনৰ কেবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিযোগ।

কি কয় ৰবীন্দ্ৰ ভৱনৰ কৰ্মকৰ্তাই?

কি কাৰণত কটন বিশ্ববিদ্যালয়ৰ নাটকৰ অনুষ্ঠানটো হঠাৎ বন্ধ কৰি দিয়া হ’ল সেই সম্পৰ্কে জানিবলৈ ৰবীন্দ্ৰ ভৱনৰ সৈতে যোগাযোগ কৰাত বিষয়াসকলৰ মাজত দেখা গৈছে মতৰ অমিল। এগৰাকী বিষয়াই পোনছাটেই 'কা’ বিৰোধী নাটক মঞ্চস্থ হোৱাৰ আশংকাত তেনে কৰাৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে ভাল মানদণ্ডৰ নাটক মঞ্চস্থ হোৱাৰ স্বাৰ্থত গ্ৰহণ কৰা নতুন পদক্ষেপৰ ফলতহে তেওঁলোকে অনুষ্ঠানটো বাতিল কৰিবলগীয়া হ’ল।

'ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা নাটসমূহৰ এক বিশেষ মানদণ্ড থাকে। কোনো কোনো ক্ষেত্ৰত মানদণ্ড অৱনমিত হোৱাৰ অভিযোগো উত্থাপিত নোহোৱা নহয়। তেনে অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি নাট মঞ্চস্থ কৰাৰ পূৰ্বে পাণ্ডুলিপি জমা লোৱাৰ নিয়ম কৰিছো। তেওঁলোককো পাণ্ডুলিপি জমা দিবলৈ কৈছিলো। কিন্তু সময়মতে তেওঁলোকে সেয়া জমা নিদিলে। গতিকে আমি বাতিল কৰিবলৈ বাধ্য হ’লো।’-এইদৰে কয় বিষয়াগৰাকীয়ে।

আনহাতে নাম প্ৰকাশত অনিচ্ছুক আন এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই NNOৰ আগত কয় যে ৰবীন্দ্ৰ ভৱনত পাণ্ডুলিপি আগতীয়াকৈ জমা লোৱাৰ কোনো ধৰাবন্ধা নিয়ম নাই। 'পাণ্ডুলিপি জমা দিয়াৰ তেনেকৈ কোনো নিয়ম নাই। ওপৰৰ পৰা এনেধৰণৰ এটা নিৰ্দেশ আহিছে বুলি মই অলপ অলপ শুনিছিলো। কিন্তু ইমানো ভালকৈ ক’ব নোৱাৰিম। কটনৰ ষ্টুডেণ্টখিনিয়ে প্ৰটেষ্ট আদিবোৰ আগৰে পৰাই কৰি আছে বাবে তেনেকৈ ভাবিবও পাৰে। বাকী সবিশেষ মই নাজানিম।’-বিষয়াগৰাকীয়ে কয়।  

CAAক লৈ চৰকাৰৰ সাংস্কৃতিক বাধ্যবাধকতা

পাণ্ডুলিপি জমা লোৱা নিয়মৰ নামত আগতীয়াকৈ বুকিং কৰা অনুষ্ঠান এটি এদিন আগতে বাতিল কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সচেতন মহলে। বহুতে এনে ঘটনাক চৰকাৰৰ দমনমূলক নীতি হিচাপে আখ্যা দিয়া দেখা গৈছে। বিশেষকৈ অনুষ্ঠানটো যিহেতু বিশ্ববিদ্যালয়খনৰ এক প্ৰতিযোগিতাহে আছিল তেনেক্ষেত্ৰত ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই মানদণ্ড ৰক্ষাৰ নামত কিয় অনুষ্ঠানৰ এদিন আগতে পাণ্ডুলিপি বিচাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভিন্নজনে।

উল্লেখ্য যে কৰ্ণাটকত 'কা’ বিৰোধী নাটকত অভিনয় কৰা বাবেই চৰকাৰৰ ৰোষত পৰিবলগীয়া হৈছিল এটি ৮ বছৰীয়া কণমানি। এনে পৰিপ্ৰেক্ষিতত অসমতো এখন আগশাৰীৰ বিশ্ববিদ্যালয়ে আগতীয়াকৈ বুকিং কৰা নাটকৰ অনুষ্ঠান ৰবীন্দ্ৰ ভৱন কৰ্তৃপক্ষই হঠাৎ বাতিল কৰাৰ আঁৰত 'কা’ বিৰোধী নাটকক লৈ থকা ওপৰমহলৰ নিৰ্দেশ বুলিয়েই মত প্ৰকাশ কৰিছে অধিকাংশ লোকে।