ডিজিটেল ডেস্কঃ কেৱল ক্ৰিকেটতেই নহয়, চলচিত্ৰটো জিলিকিল শচীন৷ ক্ৰিকেটাৰজনৰ জীৱনৰ ওপৰত নিৰ্মিত ডকুড্ৰামাখনে মুক্তিৰ দ্বিতীয় দিনটোতেই উপাৰ্জন কৰিছে ১৯ কোটি ৭৪ লাখ৷ উক্ত কালেক্সনেৰে ’শচীন এ বিলিয়ন ড্ৰিমছে’ বছৰটোত আৰম্ভণিতে আটাইতকৈ বেছি টিকট বিক্ৰী হোৱা চলচিত্ৰসমুহৰ তালিকাত অন্তৰ্ভুক্ত হ’ল৷ 

’বক্স অফিচ অফ ইণ্ডিয়া’ৰ তথ্য অনুসৰি কেৱল হিন্দী ভাষাতেই চলচিত্ৰখনে ৭ কোটি টকা উপাৰ্জন কৰিছে৷ তদুপৰি মাৰাঠী, তেলেগু আৰু ইংৰাজীটো মুক্তি দিয়া হৈছে ডকুড্ৰামাখন৷ ভাৰতীয় চলচিত্ৰৰ ইতিহাসত কোনো ডকুড্ৰামাই আৰম্ভণিতে উক্ত পৰিমানৰ ধন উপাৰ্জন কৰা নাছিল৷

ডকুড্ৰামাখনৰ পৰিচালনা জেমচ এৰছ্কিনৰ৷ ’শচীন এ বিলিয়ন ড্ৰিমছ’ উপভোগ কৰি ভাবুক হৈ পৰিল বিগ বি৷ টুইটাৰত বিগ বিয়ে ছবিখন চাই মন গৰ্ব আৰু ভাবুকতাৰে ভৰি পৰা বুলি কয়। শচীনৰ দেশৰ বাসিন্দা হৈ পুলকিত অনুভৱ কৰা বুলিও বিগ বিয়ে কয়।