ডিজিটেল ডেস্কঃ বিগত ২ বছৰৰ দৰে এইবাৰো জিঅ’মিয়ে ভাৰতত পালন কৰিব বছৰেকীয়া উৎসৱ৷ সেইবাবে এইবাৰো গ্ৰাহকৰ বাবে ম’বাইল প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে কেইবাটাও অফাৰ৷ 

এম আই নিজা ৱেৱছাইট, আমাজান আৰু ফ্লিপকাৰ্টৰ জৰিয়তে গ্ৰাহকে লাভ কৰিব পাৰিব অফাৰসমূহ৷ আজি আৰু কাইলৈ, এই দুদিনৰ বাবে থাকিব এই ডিল৷ যদি গ্ৰাহকে অনলাইনত এছবিআই ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰে তেন্তে ৫% কেছবেক পাব৷ 

ন্যুনতম ৮ হাজাৰ টকাৰ লেনদেনত সৰ্বাধিক ৫০০ টকা লাভ কৰিব৷ ১০ ৰেডমি ১০ হাজাৰ ক্ষমতাৰ পাৱাৰ বেংক, ১৫ ৱাই-ফাই ৰাউটাৰ ১ টকাত ক্ৰয় কৰিবলৈ ইউজাৰে অংশ ল’ব লাগিব ফ্লেছ চেলত৷ 

mi.com ৰ ছ’চিয়েল মিডিয়াৰ পেজত যাব লাগিব৷ ২০ আৰু ২১ জুলাই- এই দুটা দিনেই পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব এই ফ্লেছ চেল৷ ইয়াৰ উপৰিও ক্ৰেতাৰ বাবে বহুতো অফাৰ এই দুদিনত আগবঢ়াইছে ৰেডমিয়ে।