ডিজিটেল ডেস্কঃ লিবিয়াৰ পৰা নিচেই সমীপতে ভূমধ্যসাগৰত বুৰ গ’ল ইটালী অভিমুখী শৰণাৰ্থীৰ জাহাজ।

২০০ জনৰো অধিক লোক ভ্ৰমণ কৰি থকা অৱস্থাত অভাৰলোড হৈ জাহাজখন সাগৰত বুৰ যোৱাত শিশু আৰু মহিলাকে ধৰি ২০ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি আল জাজিৰাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

লিবিয়াৰপৰা ২৭ কিমি দুৰত্বত মালটাৰ বেচৰকাৰী সন্থা মাইগ্ৰেণ্ট অফশ্ব’ৰ ষ্টেশ্যনৰ ফোনিক্স নামৰ এই জাহাজখন ডুব যায়। হেলিকপ্টাৰ, জাহাডজ আদিৰে উদ্ধাৰকাৰ্যত তৎপৰ হৈ পৰিছে উদ্ধাৰকৰ্মী।