জয়সাগৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন বহুল বাজেটৰ ছৱি জুবিন গাৰ্গৰ ‘মিছন চাইনা’ৰ শুভমুক্তিৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন বাকী৷ চেপ্তেম্বৰৰ ৮ তাৰিখে মুক্তি পাবলগীয়া ছৱিখনক লৈ আশাবাদী জুবিন আৰু চলচ্চিত্ৰপ্ৰেমী৷

ৰাজ্যৰ বানাক্ৰান্ত সকলৰ কাষত থিয় হোৱাৰ মাজে মাজে ইতিমধ্যে জুবিনে চলাইছে চিনেমাখনৰ প্ৰচাৰ অভিযান৷ জনপ্ৰিয় শিল্পীগৰাকী আজি শিৱসাগৰত উপস্থিত হৈ বহু চৰ্চিত বোলছৱিখনৰ প্ৰচাৰ অভিযান চলায়৷

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠান পৰিৱেশন কৰি জুবিন গাৰ্গ আৰু 'মিছন চাইনা'ৰ কলা-কুশলীসকলে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনময় কৰে৷

ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা বান পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি অসমৰ শাসনৰ বাঘজৰীত থকা চৰকাৰখনক ব্ৰহ্মপুত্ৰ নদীখন কেনেকৈ নিয়ন্ত্ৰণ কৰি বানপানীৰ পৰা অসমখন ৰক্ষা কৰিব পাৰি তাৰ এক সু-পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াবলৈয়ো অনুৰোধ জনায় জনপ্ৰিয় শিল্পীগৰাকীয়ে৷