দিল্লীঃ দেশত বিনামুলীয়া ফ’ৰ জি সেৱাৰে টেলিক’ম খণ্ডত নতুন মাত্ৰাৰ সংযোজন কৰা মুকেশ আম্বানীৰ ৰিলায়েন্সে জিঅ’য়ে অতিক্ৰম কৰিলে ৬ মাহ৷ বিগত বৰ্ষৰ চেপ্তেম্বৰত জিঅ’য়ে আৰম্ভ কৰিছিল বিনামুলীয়া ভয়চ ক’ল আৰু ইন্টাৰনেটৰ সুবিধা৷  

প্ৰথমতে এই সেৱা বিগত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ চলিব বুলি ঘোষণা কৰা হৈছিল যদিও ডিচেম্বৰ মাহত এই সেৱা  চলিত বছৰৰ ৩১ মাৰ্চলৈ বাহাল থাকিব বুলি প্ৰতিষ্ঠানটোৱে ঘোষণা কৰে৷  

বিনামূলীয়া সেৱাৰে জিঅ’য়ে দেশৰ আগশাৰীৰ টেলিক’ম প্ৰতিষ্ঠানবোৰৰ চকুৰ কুটা, দাঁতৰ শাল হৈ পৰা জিঅ’য়ে মাৰ্চ মাহৰ পিছতো এশ টকাতে তিনিমাহৰ বাবে ৪-জি সেৱা আগবঢ়োৱাৰো গুণাগঁথা চলা বুলি জানিবপৰা গৈছে।