Image from Facebook
Image from Facebook

ডিজিটেল ডেস্কঃ কি এয়াৰটেল ডিজিটেল টিভি? কি টাটা স্কাই? কি ভিডিঅ’কন ডিটিএইছ। ৫০০ টকা এটা ৰিচাৰ্জ কৰিলেও এমাহেই নাযায়। ডিছ টিভি ৰিচাৰ্জ কৰি কৰি সৰ্বশ্ৰান্ত হৈ পৰা যেন অনুভৱ হৈছে নেকি?

চিন্তাৰ কোনো কাৰণ নাই। টেলিকম দুনীয়াত হৈ-চৈৰ পিছত এইবাৰ ৰিলায়েন্স-Jioৰ নতুন পদক্ষেপ। অতি শীঘ্ৰেই আপোনাৰ পদূলিত আহি হাজিৰ হ’ব Jio DTH।

ইয়াৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ছেট টপ বক্স সাজু কৰি তুলিছে প্ৰতিষ্ঠানটোৱে। জানিব পৰা মতে, Jio ব্রডবেণ্ড আৰু Jio DTH সেৱা একেলগে মুকলি কৰা হ’ব।

গিগাফাইবাৰৰ মাধ্যমেৰে ব্ৰডবেণ্ডৰ জগতত প্ৰৱেশ কৰিব Jioই। আনহাতে আন DTH সেৱা প্ৰদানকাৰী সংস্থাসমূহতকৈ পৃথক হ’ব Jio DTH। ৰিলায়েন্স জিঅ’ৰ তৰফৰ পৰা গ্ৰাহকক দিয়া হ’ব এটি স্মাৰ্ট ছেট টপ বক্স।

CLICK: প্ৰেমত বাধা শেষ! ইছলামৰ পৰা ব্ৰাহ্মণ হ'ল আব্বাছ

সেই বক্সটোৰ জৰিয়তেই ইণ্টাৰনেট আৰু DTH সেৱা একেলগে লাভ কৰিব পাৰিব গ্ৰাহকে। ছেপ্তেম্বৰ মাহতে এই সেৱা মুকলি কৰা হ’ব বুলি আশা কৰা হৈছে।

আন প্ৰভাইডাৰতকৈ ১০০ টকা কম খৰছত ৩০০ টাকৈ চেনেলৰ সুবিধা পোৱা যাব Jio DTHত। কেৱল সিমানেই নহয়, মোবাইল সেৱাৰ দৰে ইয়াতো প্ৰথম ৯০দিন বিনামূলীয়াকৈ সেৱা প্ৰদান কৰা হ’ব বুলি এটি সূত্ৰই দাবী কৰিছে। সেয়া হ’লে প্ৰথম তিনিমাহ বিনামূলীয়াকৈ উপলব্ধ হ’ব Jio ব্রডবেণ্ড আৰু Jio DTH সেৱা।