Printer-friendly version

বেইজিংঃ ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’নাক বাধা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিশ্বৰ ভিন্ন প্ৰান্তৰ চিকিৎসা বিজ্ঞানীসকল। দ্ৰুতগতিৰে এই ভাইৰাছবিধে গ্ৰাস কৰিছে সমগ্ৰ বিশ্বক। এই পৰ্যন্ত সমগ্ৰ বিশ্বতে কৰ’নাত আক্ৰান্ত হৈছে লক্ষাধিক লোক। মৃত্যু হৈছে ৪ হাজাৰৰো অধিক। আক্ৰান্ত হৈছে গ্ৰেট ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী, ইৰাণৰ সাংসদ, হলীউডৰ অভিনেতা টম হেংকছৰ দৰে বিশিষ্ট লোকসকলো। 

এনে পৰিপ্ৰেক্ষিতত বুধবাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণক মহামাৰীতকৈয়ো ভয়াৱহ অতি মহামাৰী হিচাপে ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই। আতংকৰ মাজতেই এতিয়া সকলোৱে বাট চাই ৰৈছে এই ৰোগবিধৰ ঔষধ উপলব্ধ হোৱা দিনটোলৈ। সঁচাকৈয়ে শীঘ্ৰেই কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ ঔষধ প্ৰস্তুত কৰাতো সম্ভৱ হ’বগৈনে?

ইয়াৰ মাজতে আশাৰ বতৰা কঢ়িয়াই আনিছে ইজৰাইলৰ চিকিৎসা বিজ্ঞানীৰ এটা দলে। ইজৰাইলৰ বায়োলজিকেল ৰিছাৰ্ছ ইনষ্টিটিউটৰ গৱেষকসকলে দাবী কৰিছে যে Covid-19 ভাইৰাছৰ ঔষধ আৱিষ্কাৰ কৰাতো অতি শীঘ্ৰেই সম্ভৱ হৈ পৰিব। চীন আৰু আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলেও কৰ’না ভাইৰাছক ৰোধ কৰিবলৈ শীঘ্ৰেই ঔষধ প্ৰস্তুত কৰিবলৈ সমৰ্থ হ’ব বুলিও দাবী কৰাৰ কথা প্ৰকাশ পাইছে কেবাটাও আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত।

'দ্য জেৰুজালেম পোষ্ট’ৰ এটা বাতৰিত কোৱা হৈছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানিয়াহুৱে যোৱা ১ ফেব্ৰুৱাৰীতে এদল চিকিৎসা বিজ্ঞানীক কৰ’না ভাইৰাছৰ ঔষধ প্ৰস্তুতৰ বাবে গৱেষণা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল। উক্ত নিৰ্দেশৰ পিছতে দেশখনৰ বায়োলজিকেল ৰিছাৰ্ছ ইনষ্টিটিউটৰ গৱেষকসকলে জাপান, ইটালীসহ কেবাখনো দেশৰ পৰা মুঠ ৫ টা ভাইৰাছৰ নমুনা সংগ্ৰহ কৰি গৱেষণা আৰম্ভ কৰে। উক্ত গৱেষণাৰ অন্তত শীঘ্ৰেই ৰোগবিধক বাধা দিব পৰাকৈ ঔষধ প্ৰস্তুত কৰাতো সম্ভৱ হৈ পৰিব বুলি এগৰাকী জ্যেষ্ঠ গৱেষকৰ উধৃতিৰে বাতৰি প্ৰকাশ কৰিছে জেৰুজালেম পোষ্টে।

আনহাতে চীনা সংবাদ প্ৰতিষ্ঠান 'ঝিনুহা’ত প্ৰকাশ পোৱা বাতৰি মতে কৰ’না ভাইৰাছৰ ভেকচিন আৱিষ্কাৰৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছে চীনা চিকিৎসা বিজ্ঞানীৰ এটা দল। চীনৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ উধৃতিৰে ঝিনুহাৰ বাতৰিটোত চীনা চৰকাৰে অহা ১ এপ্ৰিলৰ ভিতৰত এই প্ৰতিষেধক পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব বুলিও উল্লেখ কৰা হৈছে।

ইজৰাইল আৰু চীনৰ দৰেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰয়ো আৰম্ভ কৰিছে কৰ’না ভাইৰাছৰ ঔষধ প্ৰস্তুতৰ গৱেষণা। অৱশ্যে এই পৰ্যন্ত কোনো এখন দেশৰ গৱেষকসকলেই সম্পূৰ্ণৰূপে সফলতা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। 'আমি চেষ্টা অব্যাহত ৰাখিছো। গৱেষণাত আমি ইতিবাচক ফলাফল লক্ষ্য কৰিছো। বিশ্ববাসী শংকিত হোৱাৰ কোনো কাৰণ নাই। সমস্যা থাকিলে ইয়াৰ সমাধানো থাকিবই। আমি সফল হমেই।’-এইদৰে কয় কৰ’না ভাইৰাছৰ ঔষধ প্ৰস্তুতৰ বাবে গৱেষণা অব্যাহত ৰখা এগৰাকী মাৰ্কিন গৱেষকে।