ৰ’জাৰিয়াঃ  বিক্ৰী হ’বলৈ ওলাইছে বিংশ শতিকাৰ বাওপন্থী বিপ্লৱী আৰ্নেষ্ট ছে গুৱেভাৰাই জন্মগ্ৰহণ কৰা আৰ্জেণ্টিনাৰ ৰ’জাৰিয়া চহৰস্থিত বাসগৃহটো। চহৰখনৰ মাজভাগত থকা ২৫৮০ বৰ্গফুটৰ এই ঘৰটোৰ বৰ্তমানৰ গৰাকী ফ্ৰান্সিস্কো ফাৰ্গুগিয়াই এই কথা স্থানীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। 

বিশ্ব প্ৰসিদ্ধ বিপ্লৱী নেতাগৰাকীৰ জীৱনৰ সৈতে জড়িত নিঅ' ক্লাচিকেল আৰ্হিৰ এই ফ্লেটটো বৰ্তমানৰ গৰাকী ফ্ৰান্সিস্কোৱে ক্ৰয় কৰিছিল ২০০২ চনত। ঘৰটো এটা সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল যদিও সেয়া আজি পৰ্যন্ত সম্ভৱ হৈ নুঠাত এই সিদ্ধান্ত গ্ৰহণ কৰে আৰ্জেণ্টিনাৰ ব্যৱসায়ীগৰাকীয়ে। 

অৱশ্যে এই পৰ্যন্ত ঘৰটো কিমান দামত বিক্ৰী কৰিব সেই কথা ৰাজহুৱা কৰা নাই ব্যৱসায়ী ফ্ৰান্সিস্কোৱে। উল্লেখ্য যে প্ৰতিবছৰে এই ঘৰটো চাবলৈ আৰ্জেণ্টিনাৰ স্থানীয় পৰ্যটকৰ লগতে বিশ্বৰ ভিন্ন দেশৰ পৰ্যটকে ৰ’জাৰিয়া চহৰত ভিৰ কৰি আহিছে।

কিউবাৰ বিপ্লৱ আৰু ছে

বিক্ৰী হ’বলৈ ওলোৱা ঘৰটোত সময় কটাই পোৱা নামী-দামী লোকসকলৰ ভিতৰত অন্যতম হৈছে উৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পেপে মুজিছা আৰু কিউবান বিপ্লৱী নেতা ফিদেল কাষ্ট্ৰোৰ সন্তানসকল।

বিবিচিত প্ৰকাশ পোৱা এটি বাতৰিত উল্লেখ কৰা মতে এই ঘৰটোত ভালেখিনি সময় অতিবাহিত কৰা লোকসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে এলবাৰ্টো গ্ৰানাডোছ। তেওঁ ছে গুৱেভাৰাৰ সৈতে সমগ্ৰ দক্ষিণ আমেৰিকা মটৰ চাইকেলেৰে ভ্ৰমণ কৰিছিল। পেছাত চিকিৎসক এলবাৰ্টো তেতিয়া আছিল পাহুৱাল ডেকা। ছে গুৱেভাৰাক লগ পাবলৈ তেওঁ বহুবাৰ এই ঘৰটোলৈ আহিছিল। 

ছে গুৱেভাৰাৰ জন্ম হৈছিল ১৯২৮ চনত আৰ্জেণ্টিনাৰ অভাৱবিহীন এটি উচ্চ মধ্যবিত্ত পৰিয়ালত। নিজে অভাৱৰ মাজত ডাঙৰ নহ’লেও তেওঁ দক্ষিণ আমেৰিকাত চৰম দাৰিদ্ৰতা আৰু এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা লক্ষ লক্ষ লোকক প্ৰত্যক্ষ কৰি ভৰি থৈছিল বিপ্লৱৰ পথত।

বিপ্লৱৰ পথত ভৰি থোৱা বাবে জীৱনৰ মাত্ৰ এছোৱামান সময়হে তেওঁ সম্প্ৰতি বিক্ৰী হ'বলৈ ওলোৱা তেওঁৰ জন্মগৃহটোত পৰিয়ালৰ সৈতে থাকিবলৈ পাইছিল। অধিকাংশ সময়েই তেওঁ ঘৰৰ পৰা বাহিৰতেই সময় অতিবাহিত কৰিছিল।

এই বিপ্লৱ পথৰ যাত্ৰী হৈ আৰ্জেণ্টিনাৰ পৰা গৈ তেওঁ পাইছিলগৈ কিউবা। কিউবাৰ বিপ্লৱত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অন্যান্যসকলৰ সৈতে লগ হৈ একনায়কত্ববাদী শাসক ফুল্গেন্সিকো বাতিষ্টাৰ চৰকাৰ ওফৰাই দিছিল গুৱেভাৰাই।

কিউবাৰ সাফল্যৰ অন্তত তেওঁ সেই বিপ্লৱ দক্ষিণ আমেৰিকাৰ লগতে আন উন্নয়নশীল দেশসমূহলৈকো লৈ যোৱাৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা অনুযায়ী তেওঁ কিউবা এৰি ভৰি থৈছিল বলিভিয়াত। তাতেই তেওঁ ৰাষ্ট্ৰপতি ৰেনে বেৰিয়েণ্টাম আৰ্টুনোৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা লোকসকলক মন্ত্ৰণা প্ৰদান কৰিছিল।

ছে গুৱেভাৰাৰ হত্যা

বলিভিয়াত ছে গুৱেভাৰাৰ নেতৃত্বত বিদ্ৰোহে প্ৰাণ পাই উঠিছিল। তেতিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায় লৈ বলিভিয়াৰ সেনাই ছে গুৱেভাৰা আৰু তেওঁৰ সহযোগীসকলক বন্দী কৰিছিল।

অৱশেষত ১৯৬৭ চনৰ ৯ অক্টোবৰত মাৰ্কিন সেনাৰে মিলি বলিভিয়াৰ সেনাই এখন গাঁৱৰ নিৰ্জন অঞ্চলত গুৱেভাৰাক নিচেই দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ লগতে মৃতদেহ কোনো অজ্ঞাত স্থানত সমাধিস্থ কৰিছিল। ১৯৯৭ চনত গুৱেভাৰাক সমাধিস্থ কৰা গুপ্তস্থানৰ সম্ভেদ পোৱা হয়। তাৰ পিছত সেই সমাধিস্থলৰ পৰা তেওঁৰ অৱশেষ কিউবালৈ আনি ৰাষ্ট্ৰীয় মৰ্যাদাৰে পুনৰ শেষকৃত্য সম্পন্ন কৰে কিউবাৰ সাম্যবাদী চৰকাৰে।

বিপ্লৱী ছে গুৱেভাৰাই নিজৰ জীৱকালত কৰি যোৱা বৈপ্লৱিক কাম-কাজসমূহক লৈ আজিও বিশ্বৰ লোকসকল দুভাগত বিভক্ত হৈ থকা পৰিলক্ষিত হৈছে। সমৰ্থকসকলে গুৱেভাৰাৰ বিপ্লৱী জীৱনটোক সমৰ্পণ আৰু আত্মবলিদানৰ অন্যতম উদাহৰণ হিচাপে আখ্যা দি অহাৰ বিপৰীতে সমালোচকসকলে আকৌ বিপ্লৱৰ নামত তেওঁ বৰ্বৰভাৱে বহু লোকক হত্যা কৰিছিল বুলি দাবী কৰি আহিছে।