মুম্বাইঃ ইৰফান খানৰ পিছত এইবাৰ ঋষি কাপুৰ। গুচি গ’ল বলীউডৰ আৰু এগৰাকী বলিষ্ঠ আৰু হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী অভিনেতা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। 

গুৰুতৰভাৱে অসুস্থ হৈ পৰা কাপুৰক বুধবাৰে নিশা মুম্বাইৰ ছাৰ এইছ এন ৰিলায়েন্স ফাউণ্ডেশ্যনৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। নিউয়ৰ্কত বিগত এবছৰৰো অধিক কাল ধৰি কৰ্কট ৰোগত চিকিৎসা কৰাৰ অন্তত যোৱা বছৰৰ ছেপ্টেম্বৰত দেশলৈ উভতিছিল অভিনেতাগৰাকী।

কাপুৰৰ মৃত্যুৰ পিছতে ইৰফানৰ শোকত দগ্ধ হৈ থকা বলীউড তথা দেশৰ চলচিত্ৰপ্ৰেমী সম্পূৰ্ণৰূপে বাকৰুদ্ধ হৈ পৰিছে। আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী কাপুৰৰ মৃত্যুৰ সংবাদ টুইট কৰি বিগ বি অমিতাভ বচ্চনে লিখিছে, 'তেওঁ গ’লগৈ... ঋষি কাপুৰো গ’লগৈ... এইমাত্ৰ শেষ নিশ্বাস এৰিলে। মই ভাগি পৰিছো!’

নিশাই ঋষি কাপুৰৰ ভাতৃ ৰণধীৰ কাপুৰে জনাইছিল যে ঋষি অসুস্থ হৈ পৰিছে আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সময়ত চিকিৎসালয়ত ঋষি কাপুৰৰ সৈতে আছিল পত্নী নিতু কাপুৰ।