গৌৰীসাগৰঃ চৌকাত জুই জ্বলাব নোৱাৰে এইখন অসমৰ এটি অঞ্চলৰ বাসিন্দাসকলে। এনে নহয় যে তেওঁলোকৰ চাউল-দাইল কিনিবলৈ ধন নাই। হাতত ধন থাকিলেও, ভৰালত ধান থাকিলেও অঞ্চলটোৰ বাসিন্দাসকলে জ্বলাব নোৱাৰে চৌকা।

কেৱল ইমানেই নহয়, এই অঞ্চলটোৰ লোকসকলে ভালদৰে গা ধুব নোৱাৰে, কাপোৰ ধুব নোৱাৰে। দমকল, নাদ থাকিলেও হাহাকাৰ কৰিবলগীয়া হয় এটুপি খোৱাপানীৰ বাবে। পোহনীয়া জীৱ-জন্তুৰো একেই দুৰৱস্থা। এৰাল দিব নোৱাৰে পথাৰত। হাঁহৰ জাকবোৰে চৰিব নোৱাৰে জলাশয়ত।

অঞ্চলটোৰ লোকসকলৰ এনে দুৰৱস্থাৰ বাবে দায়ী হৈছে একমাত্ৰ অ’ এন জি চি। বছৰৰ পিছত বছৰ ধৰি অ’ এন জি চিৰ পাইপৰ পৰা নিৰ্গত হোৱা তেলেৰে লুটুৰি-পুতুৰি হৈ পৰিছে স্থানীয় লোকসকল।

পানীৰ পৰিৱৰ্তে পথাৰবোৰ ডুব গৈছে তেলত। বাৰিষাৰ নেৰা-নেপেৰা বৰষুণৰ ফলত পথাৰ পানীৰে উপচি পৰিছে। তাৰ সমান্তৰালভাৱে পানীৰ ওপৰত ওপঙি থকা তেলে বুৰাই পেলাইছে স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ। খাৰুৱা তেলত ডুব গৈ থকাত গছবোৰৰ অৱস্থাও তথৈবছ হৈ পৰিছে।

তেলেৰে এনেদৰে অঞ্চলটোৰ চৌদিশ ভৰি পৰাৰ ফলতে অঞ্চলবাসীয়ে জ্বলাব নোৱাৰে চৌকা। কিয়নো জুই জ্বলালেই যিকোনো খাণ্ডৱ দাহ হোৱাৰ শংকাই তেওঁলোকক অনবৰতে খেদি ফুৰে।

তেল ওপঙি থকা পানীত নমাৰ ফলত অঞ্চলটোৰ লোকসকলে পুহি অহা হাঁহবোৰৰ গাৰ বৰণ ক’লা হৈ পৰা দেখা গৈছে। ক'লা হৈ পৰিছে বগা ৰাজহাঁহো। পুখুৰী, জলাশয়ত ক্ৰমাৎ নাইকিয়া হৈ পৰিছে মাছ। নতুনকৈ কোনো ঠাইত তেল মিহলি পানী প্ৰৱেশ কৰাত মাছবোৰ মৰাৰ ফলত উৎকট দুৰ্গন্ধই সমগ্ৰ পৰিৱেশটো বসবাসৰ অনুপযোগী কৰি তুলিছে।

গৰু-ছাগলীবোৰৰ গাৰ ৰঙো ক’লা হৈ পৰিছে। মানুহৰো সেই একেই অৱস্থা। ঘৰৰ ভিতৰ বাহিৰ সকলোতে তেল তেল গোন্ধ। বিলাই-বিপত্তিৰ অন্ত নোহোৱা লোকসকল আক্ৰান্ত হৈছে নানান অচিন ৰোগত। এনেদৰে অ’ এন জি চি সৃষ্ট প্ৰদূষণৰ ফলত দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা এই অঞ্চলটো হৈছে শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ। 

স্থানীয় লোকসকলে জনোৱা মতে, অ এন জি চিয়ে দুবেলা দুসাজ ভাত দিয়াৰ বাহিৰে তেওঁলোকক আন একো সুবিধা দিয়া নাই। অ’ এন জি চিৰ এনে দায়িত্বহীনতাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অনাগত সময়ত যদি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ নকৰে তেন্তে ৰুদ্রসাগৰস্থিত জি জি এছ কেইটা বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ক্ষুব্ধ ৰাইজে।

উল্লেখ্য যে অঞ্চলটোৰ সৰহ সংখ্যাক লোকে দিন-হাজিৰা কৰি জীৱন কটাই আহিছিল যদিও এনে পৰিস্থিতিত তেওঁলোকে নিজৰ আপোন গাঁওখনত বাস কৰি থকাতো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। উপায়বিহীন হৈ শীঘ্ৰে এনে সমস্যা সমাধান কৰিবলৈকে তেওঁলোকে অ’ এন জি চিৰ লগতে চৰকাৰ-প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।