গুৱাহাটীঃ দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। একাংশ লোকৰ বাবে স্বচ্ছ ভাৰত এতিয়া এক ফেশ্বন৷ মোবাইলৰ কেমেৰা অন কৰি ৰাজপথত ঝাড়ু মাৰি ফেচবুকত ফটো আপলোড কৰা মানুহ বহু আছে৷ একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷

কিন্তু একাংশ লোকে দেশ খনক পৰিস্কাৰ কৰাৰ ৰখাৰ স্বাৰ্থত দিনে-নিশাই এক কৰি কাম কৰে৷ কিন্তু তেনেদৰে কাম কৰাৰ লোকসকলক চৰকাৰে গুৰুত্ব প্ৰদান কৰে নে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ প্ৰকৃততে স্বচ্ছ ভাৰত নতুবা স্বচ্ছ অসম বিচাৰেনে৷ বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰা বি জে পি চৰকাৰে নিবিচাৰে স্বচ্ছ অসম। চাফাই কৰ্মীসকলক কৰি অহা বঞ্চনাৰ পৰা বিজেপি চৰকাৰে নিবিচাৰে স্বচ্ছ দেশ এই কথাই প্ৰমাণ কৰে। যাৰ বাবে বাৰে বাৰে প্ৰাপ্যৰ পৰা বঞ্চিত হব লগা হৈছে চাফাই কৰ্মীসকল। 

যোৱা ১২ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ চৰকাৰে নিয়মীয়াকৰণকে ধৰি অন্য অন্য সমস্যা সমাধানৰ দাবীত চাফাই কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কিন্তু এই গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ অজুহাতত গুৱাহাটী পৌৰ নিগমে প্ৰায় ৭০০ কৰ্মচাৰীক কামৰ পৰা খেদাৰ বাবে উঠিপৰি লাগিছে৷ এক বিবৃতি যোগে এই কথা ৰাজহুৱা কৰে সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে।

পৌৰনিগমে বেআইনী আৰু অন্যায় ভাৱে ৭০০ কৰ্মচাৰীক কামৰ পৰা খেদাৰ ষড়যন্ত্ৰ ৰচনা কৰে৷ ইউনিয়নে শ্ৰম বিভাগত দাখিল কৰা অভিযোগৰ ভিত্তিত যোৱা ৫ মাৰ্চত সহকাৰী শ্ৰম আয়ুক্তই নিগম কৰ্তৃপক্ষক শ্ৰমিকৰ ওপৰত গ্ৰহণ কৰা বৰ্খাস্তৰ আদেশ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। কিন্তু নিগম কৰ্তৃপক্ষই শ্ৰম আয়ুক্তৰ নিৰ্দেশ অমান্য কৰি বেআইনী ভাৱে শ্ৰমিক বৰ্খাস্ত কৰি আহিছে। 

উল্লেখযোগ্য যে, পৌৰ নিগৰ অধীনত ৪৫ স্থায়ী ৮০০ অস্থায়ী শ্ৰমিক কাম কৰি আছে। আইন অনুসৰি নূন্যতম ২৪০ দিন কাম কৰা শ্ৰমিক সকলক জাননী নিদিয়াকৈ কামৰ পৰা খেদি পঠিয়াব নোৱাৰে। কিন্তু সকলো নিয়ম কানুন ধূলিসাৎ কৰি পৌৰ নিগমে ৭০০ শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়া কাৰ্যই তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰমিকে। 

ইয়াৰ বিপৰীতে দিন ৰাতি একাকাৰ কৰি চহৰ-নগৰসমূহ পৰিস্কাৰ কৰে চাফাই কৰ্মীয়ে৷ সীমান্তত যিদৰে শত্ৰুপক্ষৰ পৰা দেশমাতৃক ৰক্ষাৰ বাবে সৈনিকসকলে পহৰা দিয়ে তেনেদৰে সীমাৰ ভিতৰত থাকি শত্ৰু ৰূপী লেতেৰা-আৱৰ্জনাৰ পৰা দেশবাসীক ৰক্ষা কৰি আহিছে এইসকল ছাফাই কৰ্মীয়ে।

স্বচ্ছ ভাৰত অভিযান, মুখ্যমন্ত্ৰীৰ নিৰ্মল সেউজ অভিযান সফল কৰে এই চাফাই কৰ্মী সকলে৷ কোনো অভদ্ৰ লোকে ৰাস্তাৰ মাজলৈ দলিয়াই থৈ যোৱা আৱৰ্জনাৰ পলিথিনটো তুলি নি যাতায়তৰ উপযোগীকৈ ৰাখে ছাফাই কৰ্মীসকলে। 

ৰ’দ-বৰষুণ একাকাৰ কৰি তেওঁলোকে কাম কৰি যায়। কিন্তু এই চাফা কৰ্মীসকলৰ নিৰপত্তা সুনিশ্চিত নে? পৰ্য্যাপ্ত সুবিধা নোপোৱাকৈ কাম কৰি থকা এই ছাফাই কৰ্মীসকলক দেখিলে এটা কথা নিশ্চিত হ’ব পাৰি যে চাফাই কৰ্মীৰ শাৰিৰীক নিৰাপত্তাৰ প্ৰতি সম্পূৰ্ণৰূপে উদাসীন আমাৰ দেশৰ চৰকাৰ, জিলা প্ৰশাসন আৰু পৌৰ নিগম।

আমাৰ ৰাজ্যত জাৱৰ নিষ্কাশনৰ বাবে প্ৰতিনিয়ত নিয়োজিত হৈ আছে শ-শ পৌৰ কৰ্মী। কিন্তু এইসকল লোকৰ বাবে পৌৰ নিগমে উপযুক্ত জোতা, গ্লভছ, মাক্স আদি আজিলৈকে যোগান ধৰা পৰিলক্ষিত হোৱা নাই। আবৰ্জনা নিষ্কাশনৰ সৈতে জড়িত কৰ্মীৰো নাই পৰ্যাপ্ত সা-সুবিধা। 

ফলত দৈনিক ডাষ্টবিন, মুকলি ঠাইৰ পৰা লেতেৰা সামগ্ৰী সংগ্ৰহ কৰা বহু কৰ্মী নানা ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। পদ নিয়মীয়া নোহোৱা এনে কৰ্মীসকলে বিভিন্ন সময়ত চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি অহাৰ লগতে প্ৰাপ্যৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে। আনহাতে, পৌৰ নিগমৰ অধিনৰ চাফাই কৰ্মীসকলৰ স্বাস্থ্যৰ প্ৰতি উদ্বিগ্ন হৈ আহিছে সমাজ সচেতক৷ 

কিন্তু সকলো নিয়ম কানুন ধূলিসাৎ কৰি পৌৰ নিগমে ৭০০ শ্ৰমিকক কামৰ পৰা অব্যাহতি দিয়া কাৰ্যই তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰমিকে।