গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হোৱা অসম সন্তান নিৰোদ শৰ্মাৰ স্মৃতিত অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে৷

অসম চৰকাৰে ছহিদ গৰাকীৰ নামত পথ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ইয়াৰ বিষয়ে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

নিৰোদ শৰ্মাৰ নামত নামাকৰণৰ হ’বলগীয়া কে বি এছ পথৰপৰা টিহু-বৰমা পথলৈ ৩ কিলোমিটাৰ পথ তিনি মাহৰ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যৰ গড়কপ্তানী মন্ত্ৰীগৰাকীয়ে। 

লগতে ছহিদ পৰিয়ালবৰ্গলৈ আৰ্থিক সাহাৰ্ৰ লগতে পাৰ্যমানে সহায়-সহযোগীতা আগবঢ়াব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে৷ 

পত্নীৰ সৈতে ছহিদ নিৰোদ শৰ্মা

উল্লেখ্য যে, জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হোৱা নিৰোদ শৰ্মাৰ নলবাৰীৰ দহকাউনীয়াস্থিত নিজৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। 

পিতৃক হেৰুৱাৰ বেদনাত এতিয়া স্তব্ধ হৈ পৰিছে শ্বহীদ নিৰোদ কলিতাৰ দুই কন্যা দীক্ষিতা আৰু হিমাংগী।

স্বামীক হেৰুৱাই ভাঙি পৰিছে পত্নী জোনালী দেৱীও। তেনে এক শোকাকুল পৰিৱেশৰ মাজত বীৰ শ্বহীদ জোৱান জনৰ ঘৰত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা অৱগত কৰে।