চামগুৰিঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধান সভা সমষ্টিৰ ভেলেউগুৰিত অনুষ্ঠিত হোৱা সভাত সোমবাৰে দুপৰীয়া উপস্থিত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। 

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সংগ দি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেন, কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ, কংগ্ৰেছ নেতা সুৰেশ বৰাও নিৰ্বাচনী প্ৰচাৰ চলায়।প্ৰায় দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ সমাগমেৰে অনুষ্ঠিত হোৱা সভাখনলৈ গায়ন-বায়ন আৰু ঝুমুৰ নৃত্যৰে কংগ্ৰেছ কৰ্মীসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক স্বাগতম জনায়।

সভাত উপস্থিত হৈয়ে শাসনাধিষ্ঠ বিজেপি দলৰ প্ৰতি আক্ৰমণাত্মক  হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ লগতে কংগ্ৰেছ দলৰ আটাইকেইজন নেতা। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি দলক কটাক্ষ কৰি কয়, বিজেপিয়ে যিমানেই অপ্ৰপচাৰ কৰিছে সিমানে মই চফল ডেকা হৈ পৰিছোঁ। গতিকে কংগ্ৰেছৰ জয় অনিবাৰ্য। 

আনহাতে প্ৰফুল্ল মহন্তই অগপ-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ নচলোৱাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় প্ৰফুল্ল মহন্তই নিৰ্বাচনত প্ৰচাৰ নচলোৱাৰ বাবে মই তেওঁক সৰ্মথন কৰিছোঁ। তেওঁ নিজে অস্তিত্ব ৰক্ষা কৰিছে। কিন্তু অতুল বৰা আৰু কেশৱ মহন্ত সুবিধাবাদী নেতা। তেওঁলোকে বিজেপিৰ ওচৰত শৰণাপন্ন হৈছে বুলিও অতুল বৰা আৰু কেশৱ মহন্তক কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে।

ইয়াৰোপৰি পুত্ৰ গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তৰুণ গগৈয়ে মণিমাধৱ মহন্তক কটাক্ষ কৰি কয় মণিমাধৱ মহন্তৰ তেজ নাই। তেওঁ এনিমিয়া হৈছে। ইয়াৰোপৰি তেওঁ বাংলাদেশৰপৰা অহা অচিনাকি মাছ আৰু মণিমাধৱ মহন্তই অসমী আইক হত্যা কৰিবলৈহে নিৰ্বাচনত উঠিছে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাক বিজেপি ধ্বংস যজ্ঞৰ পূজাৰী বুলি কোৱাৰ লগতে জ্যেষ্ঠ নেতাক তাছিল্য কৰাটো বিজেপি নেতাৰ জন্মগত অভ্যাস বুলি তীব্ৰ কটাক্ষ কৰে। আনহাতে বিভূতি ভূষণ বৰঠাকুৰে বিজেপিত যোগদান কৰা প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে তেওঁ টিকট নোপোৱাৰ বাবে বিজেপিত যোগদান কৰিছে বুলি মন্তব্য কৰে।

আনহাতে সভাত উপস্থিত হৈ গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুইছেনে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় তেওঁ আগতীয়াকৈ কৈছিল তেজপুৰ অথবা গুৱাহাটীৰপৰা MP হ’ব বুলি৷ কিন্তু এতিয়া তেওঁতো টিকটয়েই নাপালে। টিকট নোপোৱা আঁৰৰ কাহিনীটো তেওঁ ৰাইজক নকয়। তেওঁটো বতৰ বিজ্ঞানী!আনহাতে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিৰ কোনো জাতি-জনগোষ্ঠীৰ প্ৰতি আন্তৰিকতা নাই তেওঁলোকক কেবল ক্ষমতা লাগে বুলি বিজেপি দলক তীব্ৰ কটাক্ষ কৰে ৰকিবুল হুইছেনয়ে।

সভাত গৌৰৱ গগৈয়ে অগপ-বিজেপিয়ে যিমানেই গৰু আৰু মাছৰ কথা ক’ব সিমানেই কংগ্ৰেছৰ ভোটৰ ব্যৱধান বাঢ়িব বুলি কোৱাৰ লগতে হিমন্তৰ বি টিম হিচাপে একাংশ অগপ নেতৃত্বই বিজেপিৰ এজেন্ট হিচাপে AGPক নিচিহ্ন কৰাৰ চেষ্টা কৰাৰ লগতে নিৰ্বাচনৰ পাছতেই একাংশ অগপ নেতৃত্বই বিজেপি আৰু RSSত যোগ দিব বুলিও মন্তব্য কৰে।