চামগুৰিঃ চামগুৰিৰ আমনিত বৃহস্পতিবাৰে বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাই তীব্ৰ বিক্ষোভ কাৰ্যসূচী হাতত লয়।

আমনি তিনিআলিত সমৱেত হোৱা অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে তীব্ৰ বিক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্ত, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। 

বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনজাতি ৰাইজৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাই।

আনহাতে কুম্ভকৰ্ণ নিদ্ৰাত থকা মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ গৌৰৱ গগৈক চাহ বাগিচা এলেকাত নিৰ্বাচনৰ সময়তহে দেখা পোৱা যায় বুলিও আটছাৰ নেতা-কৰ্মীয়ে মন্তব্য কৰি ক্ষোভ উজাৰে।