♦ ব্ৰিটিছে নিষিদ্ধ কৰিব বিচৰা বিহুক সুৰক্ষা দিছিল মইমত, চেনীমাই, আনন্দিয়ে

ষড়াণন বৰা, চামগুৰিঃ সম্প্ৰতি অসমৰ জাতীয় জীৱনৰ হৃদস্পন্দনত পৰিণত হোৱা বিহুক ওঠৰ শতিকাৰ মাজভাগত একাংশ সম্ভ্ৰান্ত অসমীয়াই অশ্লীল গীত-মাতৰ সংমিশ্ৰন বুলি অভিহিত কৰিছিল। 

সেই সকল অসমীয়াই আনকি সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ ওচৰত বিহুক নিষিদ্ধ কৰিবলৈ আৰ্জি পেচ কৰিছিল। ব্ৰিটিছ চৰকাৰেও বহু কেইজন সম্ভ্ৰান্ত অসমীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহুক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকল পদক্ষেপ গ্ৰহণৰ কৰিবলৈ চেষ্টা কৰিছিল।

তেনে সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি ব্ৰিটিছ চৰকাৰৰ এই পদক্ষেপক বাধা প্ৰদান কৰিছিল নগাঁও জিলাৰ পুৰণিগুদামৰ কেইজনমান ব্যক্তিয়ে। সেই ব্যক্তি কেইজনৰে অন্যতম মইমত টাটিঙা ঢুলীয়াৰ ধৰ্ম পৰিচয় তথা জন্মস্থানক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্কৰ।

একাংশই মইমত টাটিঙা ঢুলীয়াক হিন্দু ধৰ্মাৱলম্বী লোক বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই তেওঁক ইছলাম ধৰ্মাৱলম্বী লোক বুলি ক’ব বিচাৰে। তদুপৰি ঢোলৰ ওজা শিল্পীগৰাকীৰ জন্ম স্থানক লৈয়ো সৃষ্টি হৈছে বিতৰ্কৰ।

কোনো কোনোৰ মতে তেওঁৰ জন্মস্থান পুৰণিগুদামৰ চলচলি হোৱাৰ বিপৰীতে আন একংশৰ মতে পুৰণিগুদাম কলংপাৰ হালোৱাগাঁও। উল্লেখ্য, ওঠৰ শতিকাৰ মাজভাগত কেইবাজনো শিক্ষিত অসমীয়াই বিহু গীত-নৃত্যৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছিল।

এই শিক্ষিত অসমীয়া সকলে বিহু নৃত্য-গীতক অশ্লীল বুলি আখ্যা দি ইয়াক নিষিদ্ধ কৰিবৰ বাবে সেই সময়ৰ ব্ৰিটিছ চৰকাৰক আহ্বান জনাইছিল। সেই সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে জাগি উঠিছিল মইমত তাতিঙা। তেওঁ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ সহযোগত নিজৰ ভনীয়েক চেনিমাইক লগত লৈ গুৱাহাটীলৈ গৈছিল। তেওঁলোকে ব্ৰিটিছ চাহাবৰ ওচৰত বিহু নৃত্য কৰি, গীত গাই বিহু যে অশ্লীল নহয় এই কথা প্ৰমাণ কৰিছিল।

কিন্তু শেহতীয়াকৈ মইমত তাতিঙা ঢুলীয়াৰ জন্ম স্থান আৰু তেওঁৰ ধৰ্মক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ২০০০ চনত প্ৰকাশিত ধৰণীধৰ মজিন্দাৰে লিখা তথা ফনীন্দ্ৰ নাথ গায়নে সম্পাদনা কৰা পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জীত মইমত তাতিঙা মুছলমান সম্প্ৰদায়ৰ বুলি আৰু তেওঁৰ ঘৰ চলচলিত বুলি উল্লেখ আছিল। 

কিন্তু ২০১৬ চনত প্ৰকাশিত বিনু হাজৰিকাই সম্পাদনা কৰা একেখন গ্ৰন্থতে মইমত তাতিঙাৰ ঘৰ পুৰণিগুদামৰ কলংপাৰ হালোৱাগাঁৱত বুলি উল্লেখ আছিল। তাৎপৰ্যপূৰ্ণ যে ইয়াৰ পাছতো ছ’চিয়েল মিদিয়াত এই বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। 

এই সম্পৰ্কত পুৰণিগুদামৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী চিত্তৰঞ্জন বৰাৰ মতে তেওঁৰ ব্যক্তিগত অনুসন্ধানত মইমত তাতিঙা ঢুলীয়া পুৰণিগুদাম হালোৱাগাঁৱৰ বাৰিকাচুকত বুলি প্ৰতিপন্ন হৈছে। বৰাই জনোৱা মতে মইমত তাতিঙাৰ প্ৰকৃত নাম দেবাই। তাতিঙাৰ দুজন পুত্ৰ দীননাথ আৰু সোণাৰাম। দিননাথ ডাঙৰ আৰু সোণাৰাম সৰু। দীননাথৰ পুত্ৰদ্বয় ভোগৰাম আৰু ফণীধৰ জোনাইৰ বাসিন্দা। সোণাৰামৰ তিনিজন পুত্ৰ ক্ৰমে হৰেন্দ্ৰ, সুনীল আৰু খগেন। এগৰাকী কন্যা পানীমলা। সুনীল সম্প্ৰতি প্ৰয়াত। বাকী দুজন বৰ্তমান পুৰণিগুদামৰ পিতৃৰ ভেটিত আছে। চিত্তৰঞ্জন বৰাই জনোৱা মতে, মইমতৰ স্মৃতি সজীৱ কৰি পুৰণিগুদামৰ হালোৱাগাঁৱত তাতিঙা টিকা বা তাতিঙা বাম বুলি এডোখৰ ঠাই আছে। 

বৰাই দাবী কৰা মতে, মুখবাগৰি টাটিঙাৰ বাসগৃহ পুৰণিগুদামৰ চলচলি আৰু তেওঁৰ ইছলাম ধৰ্মাৱলম্বী বিষয়টো আহিছে। প্ৰকৃততে তেওঁ কলংপাৰ হালোৱাগাঁও বাৰিকাচুকৰ হিন্দু ধৰ্মাৱলম্বী লোকহে যে সেয়া নিশ্চিত।

চিত্তৰঞ্জন বৰাই জনোৱা মতে তেওঁ মইমত তাতিঙা ঢুলীয়াৰ ভগ্নী চেনীমাইক বিয়া দিয়াৰ পুৱাই ওজাৰ পৰিয়ালৰ বংশলতা প্ৰস্তুত কৰিছে। তদুপৰি মইমতৰ সহযোগী আনন্দ দাসৰো বংশলতা প্ৰস্তুত কৰিছে। চিত্তৰঞ্জন বৰাই আৰু জনোৱা মতে, পৰৱৰ্তী সময়ত এই বিষয়টোৰ লগত পৰৱৰ্তী সময়ত পিতৌ ঢুলীয়াৰ নামো সাঙুৰ খাই পৰে।

ইয়াৰ বিপৰীতে আন একাংশই মইমত তাতিঙা ঢুলীয়া ইছলাম ধৰ্মাৱলম্বী বুলি দৃঢ়তাৰে মন্তব্য কৰি তেওঁৰ ভগ্নী চেনীমাইৰ পৰিয়ালৰ এগৰাকী ভতিজাক বিচাৰি পোৱা বুলিও একাংশই মন্তব্য কৰিছে। কিন্তু এই সম্পৰ্কত প্ৰামাণিক তথ্য কোনেও বৰ্তমানলৈকে দাঙি ধৰা নাই। 

তাৎপৰ্যপূৰ্ণ যে মইমত তাতিঙা ঢুলীয়া হিন্দু নে মুছলমান এই কথা যদিও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই অথবা বিতৰ্কৰ আৱৰ্তত। তৎসত্ত্বেও তেওঁৰ অৱদান প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিব। এই পুৰোধা ব্যক্তিজন যি ধৰ্মৰে নহওক কিয় অসমৰ সংস্কৃতিৰ সুৰক্ষাৰ বাবে তেওঁ আগবঢ়োৱা অবদানে তেওঁক এগৰাকী প্ৰকৃত অসমীয়া হিচাপে প্ৰতিপন্ন কৰিছে। সেয়ে প্ৰতিগৰাকী অসমীয়াৰ বাবে তেওঁ নমস্য।