চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ গড়মুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ বাহনসহ কনভয়টোৰ আন দুখন বাহন বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত দুৰ্ঘটনাত পতিত হয়। গুৱাহাটীৰপৰা গৃহ সমষ্টিৰ অভিমুখে কনভয়সহ মন্ত্ৰী বৰা আহি থকা অৱস্থাতে এ এচ ০২ বি চি ৩৬৩৯ নম্বৰৰ এখন টেম্প’ মন্ত্ৰী বৰাৰ কনভয়ৰ আগত পৰে। 

ফলত মন্ত্ৰী বৰাৰ এ এচ ০১ বি জেড ০২২২ নম্বৰৰ ইন’ভা গাড়ীখনৰ লগত শাৰী পাতি অহা কনভয়খনৰ আন দুখন গাড়ীও দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত মন্ত্ৰী অতুল বৰা সৌভাগ্যক্ৰমে আঘাতৰপৰা কথমপি ৰক্ষা পৰে যদিও কনভয়ৰ আন কেইজনমান ব্যক্তি কিছু পৰিমানে আঘাটপ্ৰাপ্ত হয়। 

পিছত ৰাইজে কম বয়সীয়া তথা অনুজ্ঞাপত্ৰ হীন টেম্পু চালক জনক কৰায়ত্ব কৰি পুৰণিগুদাম আৰক্ষীক গতাই দিয়ে। দুৰ্ঘটনাৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে তীব্ৰ যান-যঁটৰ সৃষ্টি হয়। ইফালে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলিত আৰক্ষী উপস্থিত নোহোৱা পৰ্য্যন্ত প্ৰায় এক ঘণ্টা সময় মন্ত্ৰী জন গড়মুৰৰ এখন দোকানৰ চোতালত অৱস্থান কৰাৰ পিছত পুনৰ আৰক্ষীৰ অনুমতিলৈ কনভয়সহ গৃহ সমষ্টিৰ অভিমুখে মন্ত্ৰী অতুল বৰা ৰাওনা হয়। 

উল্লেখ্য যে, নগাঁও জিলা পৰিবহন বিভাগ আৰু যান বাহন নিয়ন্ত্ৰন আৰক্ষীৰ লগত আওকনীয়া মনোভাৱৰ সুযোগলৈ একাংশ কমবয়সীয়া টেম্প’ চালকে দ্ৰুত বেগত টেম্প চলোৱাৰ বাবে প্ৰায়ে এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।