ষড়ানন বৰা, চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামত পুনৰ আৰম্ভ হৈছে হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ ৰঙাচূড়া স্বৰূপ বৰ মছজিদৰ মিনাৰটোৰ দ্বিতীয় পৰ্যায়ৰ স্থানান্তৰকৰণৰ কাম।

বিগত প্ৰায় দহ দিনৰ ভিতৰত 1902 চনতে নিৰ্মাণ হোৱা মিনাৰটো প্ৰায় 45 ফুট স্থানান্তৰ হোৱাৰ পাছত প্ৰতিকূল বতৰৰ বাবে স্থগিত কৰা হৈছিল অসমত পূৰ্বে কেতিয়াও নকৰা মিনাৰ স্থানান্তৰ কামটো।

কিন্তু পুনৰ বাকী ৰৈ যোৱা 25 ফুট স্থানান্তৰিত কৰিবৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াও ইতিমধ্যেই আৰম্ভ কৰিছে কৰ্মৰত শ্ৰমিক, অভিযন্তা তথা উদ্যোক্তা আঞ্জুমান-ই-ইছলামীয়াই। ইফালে বাকী থাকি যোৱা স্থানান্তৰ প্ৰক্ৰিয়া সফল কৰিবলৈ যোৰহাটৰ কাৰিকৰী যুৱক ৱাকিল আহমেদকো দেখা পোৱা গৈছে অধিক তৎপৰ হৈ পৰা।

উল্লেখযোগ্য যে, এটা সময়ত মিনাৰটোৰ সাম্ভাব্য উচ্ছেদ জাননী পাই নিৰাশ হোৱা পুৰণিগুদামবাসীক স্থানীয় চিত্তৰঞ্জন বৰাৰ ফেছবুক প'ষ্টৰ সহায়ত জানিব পাৰি যোৰহাটৰ এই জন কাৰিকৰী যুৱক ৱাকিল আহমেদেই প্ৰথমে এক থলুৱা প্ৰযুক্তিৰ জৰিয়তে মিনাৰ স্থানান্তৰকৰণ সম্ভৱ হ’ব পাৰে বুলি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বৰ্তমান কৰ্মৰত আৰআৰ এণ্ড ছনছৰ লগত যোগাযোগ স্থাপন কৰিছিল।

ইফালে পুৰণিগুদাম ৰাজপথ কাষতে থকা বৰ মছজিদত চলি থকা এই বিৰল কাৰ্যক নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ এতিয়া নিতৌ মছজিদ প্ৰাংগণত ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত দৰ্শনাৰ্থী তথা পথাচাৰীয়ে।

আনফালে অসমৰ বিভিন্ন ঠাইৰ ইচ্ছুক লোকে পুৰণিগুদামবাসীৰ এই চিৰস্মৰণীয় কাৰ্যত নিজেও সহযোগ তথা অংশগ্ৰহণ কৰিবৰ বাবে আঞ্জুমান-ই-ইছলামীয়াৰ নামত UBI-ৰ পুৰণিগুদাম শাখাত থকা 0640010335300 (UTBI0PGMG11) নম্বৰৰ নিৰ্দিষ্ট একাউণ্টত আগবঢ়াইছে সামৰ্থ্য অনুসাৰে অৰ্থও।

অৱশ্যে বতৰ অনুকূল হ'লে চলিত সপ্তাহৰ ভিতৰতে নিৰ্ধাৰিত স্থানত কীৰ্তিস্তম্ভ স্বৰূপ মিনাৰটো পুনঃসংস্থাপন কৰিব পৰা যাব বুলি আশা কৰিছে উদ্যোক্তাসকলে। পুৰণিগুদামবাসীয়েও সকলো শুভাকাংক্ষীৰপৰা আশিস আৰু দোৱা বিছাৰিছে যাতে পুনৰ আকৌ সম্প্ৰতিৰ ধ্বজাবাহক হিচাপে নগাঁৱৰ পুৰণিগুদামত যুগ-যুগান্তৰলৈ শিৰ উচ্চ কৰি থিয় হৈ ৰ'ব পাৰে ঐতিহাসিক মিনাটোৱে।