ডিজিটেল ডেস্কঃ আপুনি বাৰু আপোনাৰ শৈশৱত নদীৰ পাৰত বালিঘৰ সাজি পাইছিল নে? নদীৰ পাৰৰ ভিজা ভিজা বালিৰে অতি যতনেৰে লাহে লাহে কৈ বালিঘৰটো সাজি উলিওৱা কিমান কষ্টকৰ আপুনি যদি কাহানিও বালিঘৰ সাজি পোৱা নাই তেন্তে বুজি নাপাব৷ সাধাৰণ বতাহ এচাটিতে অথবা এটুপি পানীৰ পৰশতে ভাঙি পৰিব পাৰে আপোনাৰ হেজাৰ মেহনতৰ বালিঘৰটো৷ সেয়ে দুৰ্বল কিবা এটা বস্তুক থুনুকা বুজাবলৈ আমাৰ সমাজত তাক বালিঘৰৰ সতেই তুলনা কৰা হয়৷ আনকি কেতিয়াবা কেতিয়াবাতো জীৱনটোকেই বালিঘৰৰ সতে তুলনা কৰা হয়৷ যি সৃষ্টিকৰ্তাৰ সামান্য ভুলতে ভাঙি থানবান হৈ যাব পাৰে৷

ওৰিষ্যাৰ এগৰাকী প্ৰসিদ্ধ বলুকা শিল্পী সুদৰ্শন পাটনায়ক৷ সাগৰৰ পাৰৰ বালিচৰত তেওঁ বালিৰ অনেক শিল্প নিৰ্মাণ কৰি আহিছে৷ বালিচৰত তেওঁ কেতিয়াবা যদি চৰাই সাজিছে, কেতিয়াবা আকৌ দেৱতাৰ ছবিৰে পৰ্যটকৰ হৃদয় কাঢ়িছে৷ তেওঁৰ এনে অসাধাৰণ প্ৰতিভাক চৰকাৰে সন্মান জনাই পদ্মভূষণ উপাধিও প্ৰদান কৰিছে৷ কিন্তু সুদৰ্শন পাটনায়কে সাগৰৰ বালিচৰত নিৰ্মাণ কৰা শিল্প সমূহো ক্ষন্তেকীয়া৷ সাগৰৰ ঢৌৱে কেতিয়াবা ভাঙে৷ আৰু কেতিয়াবা সাগৰীয় বতাহ এচাতিয়ে ভাঙি থৈ যায় সুদৰ্শনৰ সৃষ্টিৰ সৌধ৷

২০১৭ চনৰ ১০ ফেব্ৰুৱাৰীত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ঈশ্বৰৰ ধাম পুৰীৰ সাগৰৰ তীৰত বিশ্ব শান্তিৰ অৰ্থে ১৪.৮৪ মিটাৰ উচ্চতাৰ এটি বালিৰ মহল নিৰ্মাণ কৰি গীনিজ বুকত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছিল৷ সেয়া আছিল বিশ্বৰ সকলোতকৈ ওখ বালিৰে নিৰ্মাণ কৰা মহল৷ কিন্তু সেয়া কিছুদিনৰ বাবে হে৷ সাগৰৰ পাৰত নিৰ্মাণ কৰা বালিৰ সুউচ্চ মহলটো এদিন সাগৰীয় বতাহেই থানবান কৰি থৈ গ’ল৷ আকৌ এবাৰ ধূলিৰ মাজত নিশ্চিহ্ন হৈ গ’ল সুদৰ্শন পাটনায়ক নামৰ বলুকা শিল্পী গৰাকীৰ বালিৰ শিল্প৷

কিন্তু এইবাৰ সাগৰৰ পাৰত নহয়৷ ভাৰততো নহয়৷ অথবা সুদৰ্শনৰ নিপুন হাতেৰেও নহয়৷ এইবাৰ বালিৰ মহল সাজি অভিলেখ গঢ়িলে জাৰ্মানীৰ এটি শিল্পীৰ দলে৷ সুদৰ্শন পাটনায়কৰ গীনিজ বুকৰ ৰেকৰ্ড ভংগ কৰি জাৰ্মানীৰ চহৰৰ মাজমজিয়াত নিৰ্মান হ’ল ১৬.৬৮ মিটাৰ উচ্চতাৰ সুউচ্চ বালিৰ মহল৷ ৩৫০০ টন বালি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই বালিৰ মহলটোত খোদিত হৈছে বিশ্বৰ কেইবাখনো পৰ্যটনস্থলীৰ ছবি৷ লেজাৰ টেকনলজিৰ ব্যৱহাৰ কৰি পৰ্যটনস্থলী সমূহৰ চিত্ৰ অংকন কৰাৰ পাছত মহলটো সাজি উলিওৱা শিল্পীৰ দলটোৱে সদম্ভে ঘোষণা কৰে যে এয়া বিশ্বৰ অন্যতন বলুকা শিল্প৷ যি সহজতে ভাঙি নপৰে৷ 

আনহাতে জাৰ্মানীৰ এই সুউচ্চ বালিৰ মহলটো নিৰ্মান কৰিবলৈ প্ৰয়োজন হোৱা বালি সমুহ ১৬৮ খন ট্ৰাকেৰে কঢ়িয়াই আনিবলৈ প্ৰয়োজন হৈছিল এসপ্তাহৰ আৰু বলুকা শিল্পীসকলক এই মহলটো সাজি উলিয়াবলৈ প্ৰয়োজন হৈছিল এমাহতকৈও অধিক সময়ৰ৷ সৃষ্টিৰ অপৰূপ সৌন্দৰ্যৰ নিদৰ্শন এই বালিৰ মহলটো বৰ্তমান জাৰ্মানীৰ পৰ্যটকৰ মূখ্য আকৰ্ষণ হৈ পৰিছে৷