......নিজস্ব শৈলীৰে উপস্থাপন কৰা মনালিছা শইকীয়াৰ 'শংখনিনাদ  আশীৰ দশকৰ অসম আন্দোলন, অসম চুক্তি তথা সমসাময়িক কালছোৱাত অসমৰ অশান্ত পৰিস্থিতিৰ এক নিৰ্মোহ চিত্ৰ......অসম আন্দোলনৰ দাবীসমূহৰ সৈতে আপোচ কৰি ছাত্ৰ নেতাসকলে স্বাক্ষৰ কৰা অসম চুক্তিয়ে বহুতকে নিৰাশ কৰিছিল.......

নিশা ভূঞা 

        সময়ৰ গতিশীলতাই পৰিৱৰ্তন কৰে সকলো । উত্তৰণৰ মানসিকতাই ব্যস্ত কৰি তোলে মানৱ জীৱন । কিন্তু এই সকলো মাজতেই অতীজৰ কিছু অভিশপ্ত সময়ৰ  বাস্তৱ দলিল জিলিকি ৰয় । অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হেতু আশীৰ দশকত হোৱা অসম আন্দোলনে অসমৰ প্ৰতিচ্ছবি বহুলাংশে সলাই পেলাইছিল । এই আন্দোলনৰ স্মৃতি বৰ্তমানেও বহুতৰ বাবে এটুকুৰা কেঁচা ঘাঁ । আন্দোলনৰ পৰৱৰ্তী সময়ত উগ্ৰপন্থী সংগঠনৰ উত্থান আৰু সেনা বাহিনীৰ নিৰ্মম অত্যাচাৰ অন্য এক কৰুণ ইতিহাস । অসম আন্দোলন , অসম চুক্তি তথা নিষিদ্ধ উগ্ৰপন্থী সংগঠনক লৈ অসমীয়া সাহিত্যত বহুতো উপন্যাস ৰচিত হৈছে । এই সকলোৰে মাজত স্বকীয়তা লৈ আত্মপ্ৰকাশ কৰিছে মনালিছা শইকীয়াৰ উপন্যাস 'শংখনিনাদে' । ২০১৫ বৰ্ষৰ জুলাই মাহত বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উক্ত উপন্যাসে অতি কম সময়তে পাঠক সমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।উক্ত উপন্যাসখনৰ বাবেই লেখিকাগৰাকীয়ে "দৈনিক অসম সাহিত্য বঁটা"ও লাভ কৰিছিল।মূলতঃ কাহিনীৰ গতিশীলতা আৰু স্বচ্চন্দ কথাশৈলীয়ে উপন্যাসখনক পঠনীয় কৰি তুলিছে ।
     কেইবাটাও উপ কাহিনীৰে ভৰপূৰ 'শংখনিনাদ'ৰ মূল কাহিনীভাগ পচ্যাৎ অৱলোকন পদ্ধতিৰে আগবঢ়াই নিয়া হৈছে । অসমৰ এখন বহুল প্ৰচাৰিত বাতৰি কাকত 'নতুন অসম'ৰ উপ সম্পাদক প্ৰজ্ঞা বৰা । দৈনিক বিভিন্ন ধৰণৰ অপৰাধ,মাৰপিট, হত্যা , ধৰ্ষণ আদি গতানুগতিক বাতৰিৰ সৈতে অভ্যস্ত হৈ পৰা প্ৰজ্ঞাৰ মনত এদিন দোলা দি যায় গোলাঘাটৰ এক অগতানুগতিক বাতৰিয়ে । প্ৰাক্তন উগ্ৰপন্থী প্ৰবীণ হাজৰিকা ওৰফে সেউজ বসুমতাৰীয়ে গোলাঘাটৰ ৰংছালি অঞ্চলত নিজা উদ্যোগত গঢ়ি তোলে এক পৰ্যটন ক্ষেত্র । এই বাতৰিয়ে প্ৰজ্ঞাক অভিসন্ধিৎসু কৰি তোলাত বাতৰি কাকতৰ মূখ্য সম্পাদকৰ অনুমতি লৈ প্ৰজ্ঞাই প্ৰবীণ হাজৰিকাৰ ওপৰত এক 'ষ্টৰি' কৰাৰ মানসেৰে হাজৰিকাক সাক্ষাৎ কৰে । প্ৰবীণ হাজৰিকাই সংগঠনত থকা কালছোৱাৰ বিভিন্ন অভিজ্ঞতা প্ৰজ্ঞাৰ আগত বৰ্ণনা কৰাৰ লগতে তেওঁ গঢ় দিয়া পৰ্যটন ক্ষেত্রৰ আদি কথা জানিবলৈ পিতৃ হৰেন হাজৰিকাৰ এখন ডায়েৰী তথা কিছু অন্য কাগজ প্ৰজ্ঞাৰ হাতত অৰ্পণ কৰে । সেই অমূল্য সম্পদে প্ৰজ্ঞাৰ সন্মুখত দাঙি ধৰে অতীতৰ কিছু অজান দলিল । হৰেন হাজৰিকাই ৰংছালিত প্ৰকৃতি আৰু মানুহৰ সমন্বয়ৰ মাজতেই পত্নী শশীপ্ৰভা আৰু তিনি সন্তানৰ সৈতে  নিজা আবাস গঢ়ি তুলিছিল । স্বাধীনতাৰ পিছৰ কালত কোনো কোম্পানী অথবা চৰকাৰৰ তলতীয়া হৈ কাম কৰাত কৈ তেওঁ  কুঁহিয়াৰ শাল পাতি,ফিছাৰিত মাছ পুহি,চাহ খেতি কৰি স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল । পিছলৈ হৰেন হাজৰিকা ডাক্তৰণী বাইদেউৰ ভগ্নী নিবেদিতাৰ প্ৰতি আকৰ্ষিত হয় । কিন্তু সেই প্ৰেমত কোনো কলুষিতা নাছিল ।তেওঁৰ দৃষ্টিত 'নিবেদিতা যদি জোনৰ স্নিগ্ধ জ্যোতি ,শশীপ্ৰভা হ'ল সূৰ্য্যৰ প্ৰসাৰতা' ।  নিজৰ পিতৃৰ নামত বিদ্যালয় স্থাপন কৰাৰ লগতে নিবেদিতাৰ সহযোগত সংগীত বিদ্যালয় স্থাপন কৰি হাজৰিকাই ৰংছালি অঞ্চলৰ  শৈক্ষিক দিশটো সুৰক্ষিত কৰিছিল । কন্যা অমিয়াই গোলাঘাটত উচ্চ শিক্ষা গ্ৰহণ কৰি বিয়া হৈ গুৱাহাটীত থাকিবলৈ লয় । কনিষ্ঠ পুত্ৰ সৰুৱে সকলোৱে পৰা নিলগত বিদেশত বসতি স্থাপন কৰে । মাজু পুত্ৰ প্ৰবীনে অসম আন্দোলনত যোগ দিয়ে । কিন্তু আন্দোলনৰ ছাত্ৰ নেতা সকলে ৰাজীৱ গান্ধীৰ সৈতে বৈঠকত অসম চুক্তিত স্বাক্ষৰ কৰি অসমৰ শাসন ভাৰ লোৱাত ক্ষুণ্ণ হৈ পাৰে । কিয়নো সেই চুক্তিত আন্দোলনৰ দাবীসমূহে প্ৰাধান্য পোৱা নাছিল । পিছলৈ সেই ক্ষোভত প্ৰবীনে উগ্ৰপন্থী সংগঠনত যোগ দিয়ে । এই বাতৰিত মাতৃ শশীপ্ৰভাৰ স্বাস্থ্য ভাগি পৰে আৰু এদিন সংসাৰ ত্যাগ কৰে । মৃত্যুৰ সময়ত শশীপ্ৰভাই নিবেদিতাক হৰেন হাজৰিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সামাজিক স্বীকৃতি গ্ৰহণ কৰিবলৈ কয় যদিও নিবেদিতাই মানি নলয় । সেনাৰ অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই  হৰেন হাজৰিকায়ো মৃত্যুক সাৱটি লয় । পিতৃৰ মৃত্যুৰ পিছত প্ৰবীন হাজৰিকাই সংগঠন এৰি আহি ৰংছালিত নিজা উদ্যোগত পৰ্যটন ক্ষেত্র গঢ়ি তোলে । হৰেন হাজৰিকাৰ ডায়েৰী তথা অন্য কাগজসমূহৰ পৰা পোৱা এই জীয়া কাহিনীয়ে প্ৰজ্ঞাৰ অন্তৰ স্পৰ্শ কৰি যায় । প্ৰজ্ঞাই অমিয়া , ডাক্তৰণী বাইদেউ আৰু ব্ৰহ্মচাৰ্য গ্ৰহণ কৰা নিবেদিতাক সাক্ষাত কৰি তেওঁলোকৰ বৰ্তমান জীৱনৰ উমান লয় আৰু এখন উপন্যাস লিখাৰ  সপোন ৰচে ।
নিজস্ব শৈলীৰে উপস্থাপন কৰা মনালিছা শইকীয়াৰ 'শংখনিনাদ'ৰ এক থুলমুল আভাস এইদৰে দিব পাৰি । লেখকৰ ভাৱ প্ৰকাশৰ সৰল মাধ্যম, নিখুট উপস্থাপনশৈলী, বিষয়বস্তুৰ গভীৰতা আৰু নাটকীয় গুণৰাজীৰ সমাবেশে উপন্যাসখনক আকৰ্ষণীয় কৰি তুলিছে । আশীৰ দশকৰ অসম আন্দোলন, অসম চুক্তি তথা সমসাময়িক কালছোৱাত অসমৰ অশান্ত পৰিস্থিতিৰ এক নিৰ্মোহ চিত্ৰ 'শংখনিনাদ'ত প্ৰতিফলিত হৈছে । উপন্যাসখনত বিভিন্ন তথ্যৰ পয়োভৰ পৰিলক্ষিত হয় যদিও ই উপন্যাসখনৰ মূল কাহিনীভাগক অধিক আকৰ্ষণীয় কৰি তুলিছে । আহোম বুৰঞ্জীৰ কিয়দাংশ ,  জৱাহৰলাল নেহৰুৰ অসম আগমন , ইন্দিৰা গান্ধীৰ শাসনকাল আৰু তেওঁৰ হত্যা , অসম আন্দোলন আৰু অসম চুক্তিৰ সম্যক ধাৰণা , হিতেশ্বৰ শইকীয়া অসমৰ মূখ্যমন্ত্ৰী হোৱাত ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া আৰু নেলীৰ হত্যা কাণ্ড , ১৯৮০ চনৰ ১৮ জানুৱাৰীত দুলিয়াজানত  পিকেটিংকাৰী কুমুদ গগৈ প্ৰমূখ্যে তিনিজন আন্দোলনকাৰী ছাত্ৰৰ হত্যা, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ উল্লেখ , ছাত্ৰ নেতা প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ ১৯৮৫ চনৰ ১৪ আগষ্টত ৰাজীৱ গান্ধীৰ সন্মুখত অসম চুক্তিত স্বাক্ষৰ তথা অসমৰ শাসনভাৰ গ্ৰহণ ,সেনাৰ অত্যাচাৰ আদি বিভিন্ন তথ্যৰ সমাহাৰে পঢ়ুৱৈক উপন্যাসৰ কাহিনীৰ আনন্দ দিয়াৰ লগতে জ্ঞানেৰেও সমৃদ্ধ কৰিছে । নিজৰ ঘৰতে অঘৰী হোৱাৰ ভয়ে জন্ম দিছিল অসম আন্দোলনৰ । অসম চুক্তিৰ ভিত্তিতেই অসমত আই.আই.টি., কলাক্ষেত্ৰ,কেন্দ্ৰীয় বিশ্ববিদ্যালয় আদি স্থাপন হ'ল যদিও বাহিৰৰ ৰাজ্যলৈ তেলৰ সৰবৰাহ অব্যাহত থাকিল । প্ৰবীন হাজৰিকাৰ চৰিত্ৰৰ মাজেৰে আন্দোলনত অংশ লোৱা    একাংশ লোকৰ মনোদশা সুন্দৰ ভাৱে ফুটাই তুলিছে । অসম আন্দোলনৰ দাবীসমূহৰ সৈতে আপোচ কৰি ছাত্ৰ নেতাসকলে স্বাক্ষৰ কৰা অসম চুক্তিয়ে প্ৰবীনৰ দৰে বহুতকে নিৰাশ কৰিছিল ;যাৰফলত চৰকাৰৰ বিৰুদ্ধে গৈ উগ্ৰপন্থী  সংগঠনত জড়িত হৈছিল । অন্যহাতে উপন্যাসখনত অসমৰ মাটি ,পানী আৰু জলবায়ুক মূলধন ৰূপে লৈ স্বাৱলম্বী হোৱাৰো এক ধাৰণা উনুকিওৱা হৈছে ।
       'শংখনিনাদ'ত এটি প্ৰধান চৰিত্ৰতকৈ চৰিত্ৰৰ বৈচিত্ৰতা দাঙি ধৰিবলৈ প্ৰয়াস কৰা যেন অনুভৱ হয় । প্ৰজ্ঞা বৰা,প্ৰবীন হাজৰিকা,হৰেন হাজৰিকা ,শশীপ্ৰভা,অমিয়া, নিবেদিতা, বকুলী,নয়ন আদি প্ৰতিটো চৰিত্ৰৰ উপস্থাপনত ন্যায্যতা আৰু বৈচিত্ৰতা পৰিলক্ষিত হৈছে । 'শংখনিনাদ' আমাৰ জীৱনৰে প্ৰতিচ্ছবি য'ত আমাৰ পূৰ্বজসকলৰ ৰাজনৈতিক , সামাজিক তথা অৰ্থনৈতিক কিছু কাৰক সন্নিবিষ্ট হৈছে । মনালিছা শইকীয়াই উপন্যাসখন 'অসমৰ বায়ু, পানী,মাটি ভালপোৱা তৰুণ প্ৰজন্মৰ হাতত ' উছৰ্গা কৰা কথাটিয়ে অন্যান্য পাঠকৰ লগতে বিশেষকৈ তৰুণ প্ৰজন্মৰ পাঠকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । অসমীয়া সাহিত্যলৈ ই এক ইতিবাচক দিশ । 'শংখনিনাদ' নিঃসন্দেহেএক সুখপাঠ্য ৰূপে আৰু অধিক সমাদৃত হ'ব বুলি আশা ৰাখিলোঁ ।