Printer-friendly version

শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনটে সংস্কৃত ভাষাক অষ্টম শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক কৰাৰ পাছতে ৰাজ্যখনত সৃষ্টি হৈছে তুমুল বিতৰ্কৰ৷ ভাৰতৰ অতি প্ৰাচীন ভাষাটোৰ বাধ্যতামূলক শিক্ষাই পুৰণি সংস্কৃতিৰ বিষয়ে নব-প্ৰজন্মক এক আভাস প্ৰদান কৰিব বুলি একাংশই যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই আকৌ চৰকাৰৰ এনে উদ্দেশ্যত ৰাজনৈতিক অভিসন্ধি লুকাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ 

মন কৰিবলগীয়া যে অসমত ১৯৮৫ চনলৈকে সংস্কৃত ভাষা শিক্ষা বাধ্যতামূলক আছিল৷ পৰৱৰ্তী সময়ত ইয়াক ঐচ্ছিক বিষয় হিচাপে বিদ্যালয়সমূহত পাঠদান কৰি থকা হৈছিল৷ গতিকে আমি ক’ব পাৰো যে সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত নভূত-নাশ্ৰুত নহয়৷ প্ৰশ্ন হয়, তেন্তে চৰকাৰৰ এই সিদ্ধান্তক কিয় একাংশই বিৰোধিতা কৰিছে? 

প্ৰথমে আমি সংস্কৃত ভাষাৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰো৷ এতিয়াৰ পৰা প্ৰায় তিনিহাজাৰ বছৰ আগতে ভল্গা নৈৰ পাৰৰ পৰা সিন্ধু উপত্যকালৈ আৰ্যসকলৰ প্ৰব্ৰজনৰ সময়ত তেওঁলোকে লগত লৈ অহা ভাষাটো আছিল সংস্কৃত৷ আৰ্যসকলে সাহিত্য চৰ্চা তথা পূজা-পাতলৰ বাবে এই ভাষাটো ব্যৱহাৰ কৰিছিল৷ সেই সময়তো কিন্তু সংস্কৃত সাধাৰণ লোকৰ ভাষা নাছিল৷ বৈদিক সাহিত্যত উল্লেখ আছে যে নিচ কুলৰ লোকে এই ভাষা শুনিলেও প্ৰায়চিত্ত হ’ব লাগিছিল৷

দাক্ষিণাত্যত প্ৰচলিত দ্ৰাবিড়িয়ান ভাষা যেনে-তামিল, কানাড়া আদিৰ সৈতে সংস্কৃতৰ কোনো ভাষাগত সম্পৰ্ক নাই৷  একেদৰে চীন, জাপান, কোৰিয়াকে আদি কৰি পূব আৰু দক্ষিণ-পূব এছিয়াৰ ভাষাৰ সৈতেও কোনো সম্পৰ্ক নাই সংস্কৃতৰ। এনে ক্ষেত্ৰত সংস্কৃত ভাষা সকলো ভাষাৰ মাতৃস্বৰূপ বুলি কোৱা কথাটো মুঠেই সত্য নহয়৷ ভাৰতীয় সংবিধানে ১০০০ বছৰতকৈ অধিক পুৰণা ইতিহাস থকা তামিল,  কানাড়া আৰু সংস্কৃত ধ্ৰুপদী ভাষাত মৰ্যাদা প্ৰদান কৰিছে৷ অৰ্থাৎ সাংবিধানিকভাৱেও সংস্কৃত ভাষাই ইয়াৰ কৃতিত্ব দাবী কৰিব নোৱাৰে৷

সি যি কি নহওক এই ভাষাতেই ৰচনা হৈছিল চাৰি বেদ ওঠৰ পুৰাণ আৰু আন আন বৈদিক সাহিত্যৰ৷ ৰামায়ণত হনুমানে শ্ৰীৰাম চন্দ্ৰৰ বাৰ্তা লৈ লংকাত বন্দী হৈ থকা সীতাক সাক্ষাৎ কৰিবৰ সময়ত পৱণ পুত্ৰই এক সন্ধিক্ষণৰ সন্মুখীন হৈছিল৷ তেওঁৰ মনলৈ অহা প্ৰশ্নটো আছিল এনে ধৰণৰ - তেওঁ সীতাৰ সৈতে কি ভষাত বাৰ্তালাপ কৰিব,  সংস্কৃত নে থলুৱা ভাষাত?  হনুমানে শংকা কৰিছিল যে সীতাৰ সৈতে সংস্কৃতত কথা পাতিলে তেওঁক বানৰৰূপী অসুৰ বুলি সন্দেহ কৰিব পাৰে,  সেয়ে তেওঁ সীতাৰ সৈতে থলুৱা ভাষাত বাৰ্তালাপ কৰিছিল৷ এই কহিনীয়ে ইয়াকেই প্ৰতিফলিত কৰে যে সংস্কৃত দেৱভাষা হলেও সাধাৰণ ৰাইজৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ ৰামায়ণৰ যুগতো নাছিল৷ 

অসমৰ বিদ্যালয়ত সংস্কৃত ভাষা বাধ্যতামূলক কৰাৰ পাছত সৃষ্টি হোৱা বিতৰ্কত একাংশই যুক্তি প্ৰদৰ্শন কৰিছে যে সংস্কৃত হৈছে বিশ্বৰ সকলো ভাষাৰ মাতৃস্বৰূপ৷ ই এটা ভুল তথ্য৷ সংস্কৃত ইণ্ডো-ইউৰোপীয়ান ভাষা (Indo-Europian Language) পৰিয়ালৰ আদি ভাষা৷ সেয়ে সংস্কৃতৰ সৈতে লেটিন আৰু গ্ৰীক ভাষাৰ সাদৃশ্যতা আছে৷ পশ্চিম এছিয়া আৰু ইউৰোপৰ অধিকাংশ জীৱিত ভাষাৰ মাতৃস্বৰূপ এই সংস্কৃত ভাষা৷ কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ আন এক পৃথক Language Tree ৰ আদিভাষা হৈছে তামিল ভাষা৷ গতিকে দাক্ষিণাত্যত প্ৰচলিত দ্ৰাবিড়িয়ান ভাষা যেনে-তামিল, কানাড়া আদিৰ সৈতে সংস্কৃতৰ কোনো ভাষাগত সম্পৰ্ক নাই৷ একেদৰে চীন, জাপান, কোৰিয়াকে আদি কৰি পূব আৰু দক্ষিণ-পূব এছিয়াৰ ভাষাৰ সৈতেও কোনো সম্পৰ্ক নাই সংস্কৃতৰ। এনে ক্ষেত্ৰত সংস্কৃত ভাষা সকলো ভাষাৰ মাতৃস্বৰূপ বুলি কোৱা কথাটো মুঠেই সত্য নহয়৷ ভাৰতীয় সংবিধানে ১০০০ বছৰতকৈ অধিক পুৰণা ইতিহাস থকা তামিল,  কানাড়া আৰু সংস্কৃত ধ্ৰুপদী ভাষাত মৰ্যাদা প্ৰদান কৰিছে৷ অৰ্থাৎ সাংবিধানিকভাৱেও সংস্কৃত ভাষাই ইয়াৰ কৃতিত্ব দাবী কৰিব নোৱাৰে৷

পুনৰ সংস্কৃত ভাষা বাধ্যতামূলক কৰা প্ৰসংগলৈ৷ ইয়াৰ আগতে আমি জানি লওঁ ৰাজ্যখনত সংস্কৃত ভাষা শিক্ষা প্ৰসাৰৰ বাবে চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ উচ্চ মাধ্যমিক পৰ্যায়ত ঐচ্ছিক ভাষা হিচাপে সংস্কৃতক অন্তৰ্ভুক্ত হৈ থকাৰ উপৰি অসমত সংস্কৃত টোলৰ জৰিয়তে ইয়াৰ শিক্ষাদান কৰি থকা হৈছে৷ অসম সংস্কৃত বোৰ্ডৰ অধীনত ৰাজ্যখনত প্ৰায় একহাজাৰ টোল আছে৷ কিন্তু দূৰ্ভাগ্যজনকভাৱে এই টোলসমূহৰ ৯৭খন সংস্কৃত টোলেহে চৰকাৰৰ পৰা সাহায্য লাভ কৰি আছে৷ গতিকে বছৰ বছৰ ধৰি অসমত সংস্কৃত ভাষা প্ৰসাৰৰ বাবে যি ধৰণে ব্যৱস্থা চৰকাৰে ল’ব লাগিছিল, সেইধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই৷

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও স্বাধীনতাৰ পূৰ্বৰে পৰা অসমত সংস্কৃত শিক্ষা প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই অহা এই টোলসমূহৰ উন্নয়নৰ বাবে কোনো আঁচনি গ্ৰহন কৰা নাই৷ ইয়াৰ বিপৰীতে ইতিমধ্যেই তিনিটা ভাষা শিকি ভাৰাক্ৰান্ত হৈ থকা  কণ কণ শিক্ষাৰ্থীসকলক পুনৰ আৰু এটা ভাষা জাপি দি এই শিক্ষাৰ্থীসলক যেন বলিৰ পঠা সজাবলৈ গৈ থকা হৈছে৷

অসম চৰকাৰৰ এই সিদ্ধান্ত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ দপ্তৰৰ নীতিৰ বিপৰীতে যোৱা দেখা গৈছে৷ ২০১৫ চনত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ে প্ৰাক্তন মূখ্য আয়ুক্ত এন গোপাল স্বামীৰ অধ্যক্ষতাত এখন ৭ জনীয়া আয়োগে দেশত সংস্কৃত শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল৷ এই সমিতিখনে স্পষ্টভাৱে মন্তব্য কৰিছিল যে সংস্কৃত ভাষাক কেতিয়াও বাধ্যতামূলক কৰিব নালাগে৷ কোঠাৰী আয়োগৰ প্ৰতিবেদন মতে (১৯৬৪-৬৬) শিক্ষা ব্যৱস্থাত যি Three Language Formula প্ৰয়োগ কৰা হয়, সংস্কৃতক বাধ্যতামূলক কৰিলে এই নিয়ম ভংগ কৰা হ’ব৷

দেশৰ প্ৰায় সকলো ৰাজ্যই মানি লোৱা এই Three Language Formula মতে মাতৃভাষা, ইংৰাজী আৰু হিন্দী বাধ্যতামূলকভাৱে ছাত্ৰ-ছাত্ৰীয়ে শিকিব লাগে৷ অৱশ্যে তামিলনাডুৱে তামিল আৰু ইংৰাজী ভাষাৰ শিক্ষাৰে Two Language Formula হে  প্ৰয়োগ কৰি আহিছে৷ গতিকে বিদ্যালয়সমূহত অষ্টম শ্ৰেণী পৰ্যন্ত সংস্কৃত ভাষাক বাধ্যতামূলক কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ নীতি-নিয়মকে উলংঘা কৰা হ’ব৷

বিদ্যালয়ৰ সলনি বিশ্ববিদ্যালয়  IIT,  AIIMS ৰ দৰে উচ্চ শিক্ষাপ্ৰতিষ্ঠানত   Physics, Chemistry, Mathematics, Medical Science আৰু Law ৰ দৰে আধুনিক শিক্ষা ব্যৱস্থাৰে সংস্কৃত শিক্ষা প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে আয়োগখনে৷ 

অসম চৰকাৰে সংস্কৃত ভাষাক বিদ্যালয়ত বাধ্যতামূলক কৰাৰ সলনি সংস্কৃত ভাষা শিক্ষা আৰু গৱেষণাৰ বাবে উচ্চ শিক্ষাপ্ৰতিষ্ঠান স্থাপনেৰে আগবাঢ়িলেহে প্ৰকৃততে সংস্কৃতৰ প্ৰসাৰ তথা বিকাশ হ’ব ৷

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)