চৰাইদেউঃ এইবাৰ ৰাজপথত প্ৰতিবাদ নহয়, প্ৰতিবাদ হৈছে চৰাইদেউৰ ভজো ৰে’ল লেবেল-ক্ৰছিঙত। বুধবাৰে সোণাৰিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বি জে পিৰ বিৰুদ্ধে ৰাইজ আৰু দল সংগঠনৰ  বিপুল প্ৰতিবাদ ধ্বনিৰে অঞ্চল কঁপাই তোলে। চৰাইদেউ জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ পথ ঐতিহাসিক নাহৰআলি নিৰ্মাণৰ দাবীত মিৰিপথাৰ, বাঁবৰীয়া, ভজোবাসীৰ ৰাইজৰ লগতে দল সংগঠনে ভজোত পথ অৱৰোধ কৰে৷

বিধায়ক তপন গগৈ আৰু বিজেপি বিৰোধী শ্ল’গানেৰে উত্তাল কৰা হয়। উল্লেখযোগ্য যে, কোনো নিবিদা অনুষ্ঠিত নোহোৱাকৈয়ে যোৱা ২৪ এপ্ৰিলত নাহৰ আলিটো নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিধায়ক তথা মন্ত্ৰী তপন কুমাৰ গগৈয়ে আধাৰ শিলা স্থাপন কৰিছিল যদিও আজি লৈকে নিৰ্মাণ নকৰাৰ বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীকাৰীয়ে এই আধাৰশিলা নিৰ্মাণৰ ৰাজনীতি বৰ্তমান চলি থকাৰপৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। অন্যথা গাঁৱৰ ৰাইজে বিজেপিক পঞ্চায়ত নিৰ্বাচনত বৰ্জন কৰিব বুলিও সদৰি কয়।