গুৱাহাটীঃ সমগ্ৰ বিশ্বতে ৪ ফেব্ৰুৱাৰী দিনটো বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰা হয়। জনসজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱাৰ উপৰিও প্ৰতিখন দেশতে ইয়াৰ প্ৰতিৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ লোৱাৰ উদ্দেশ্য এই দিৱস পালন কৰি অহা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে বিশ্বত প্ৰতি মাহত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৬ লাখ লোকে। তাৰে ৮০ শতাংশ লোকৰ কৰ্কট হোৱাৰ মূল কাৰণ ধঁপাত সেৱন। 

বিশ্বৰ আন ৰাজ্যৰ লগতে ২০১৩ বৰ্ষত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধপাত নিষিদ্ধকৰণৰ আইন প্ৰণয়ণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী হোৱা দেখা নগ’ল । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ সৰু-বৰ সকলো সকলো বিপণিতে মুক্তভাৱে ধঁপাত বিক্ৰী হোৱাৰ লগতে পান মচলা, গুটখা আদি মালাৰ দৰে সজাই থোৱা সততে দেখা যায়। 

আইন অনুসৰি ধঁপাত জাতীয় সামগ্ৰী সমুহৰ উৎপাদন নিষেধ। ব্যৱসায়, মজুতকৰণ বিতৰণ, আদি নিষিদ্ধ ঘোষণা কৰা হৈছিল যদিও আজি পৰ্যন্ত তাৰ সম্পূৰ্ণ এখন ওলোটা ছবিহে প্ৰতিফলিত হয়। চৰকাৰ তথা প্ৰশাসনৰ গুৰুত্বহীনতাৰ ফলত সৰ্বত্ৰে মুক্তভাৱে গুটখা, ধঁপাত আদিৰ ব্যৱসায় চলাই থকাৰ লগতে ৰাজহুৱা স্থানত সেৱন কৰা দৃশ্য বাটে-পথে সুলভ। উদাত্ত কন্ঠৰে ভাষণ প্ৰদান কৰা চৰকাৰৰ কাণ্ডাৰীসকলে এই আইন প্ৰণয়ণ কৰি তাক ফলপ্ৰষু কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ক’ব পাৰি। 

প্ৰতিবছৰে বহু ৰাজনৈতিক নেতা-মন্ত্ৰী-বিধায়কে বিশ্ব কৰ্কট দিৱস উপলক্ষে ৪ ফেব্ৰুৱাৰী দিনটোত কৰ্কট ৰোগীসকলক মিঠাই প্ৰদান কৰি ৰোগীসকলক শান্তনা দিয়াৰ লগতে সংবাদ মাধ্যমৰ শিৰোনাম কৰে। কিন্তু ইয়াৰ বিপৰীতে যদি সম্পূৰ্ণৰূপে ধঁপাত নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’লে বহুলোক কৰ্কট ৰোগৰপৰা হাত সাৰি থাকিলহেঁতেন। 

উল্লেখ্য যে বিশ্বত প্ৰায় ১২০ মিলিয়ন ধঁপাত সেৱন কৰা লোক আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ ধপাত সেৱনকৰীৰ ১২ শতাংশ লোক ভাৰতৰ। তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰে ৯ লাখ মানুহৰ মৃত্যু হয় ধঁপাত সেৱনৰ ফলত। পূৰ্বৰ তুলনাত প্ৰায় ৩৬ শতাংশ ধপাত জাতীয় পদাৰ্থ সেৱন কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে। বহুসময়ত চৰকাৰৰ তৰফৰপৰা ধপাতৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নানা ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায় যদিও ধঁপাত সেৱনকাৰীসকলে তাৰ পৰিণতিলৈ কোনো ভ্ৰূক্ষেপ কৰা দেখা নাযায়।

ইযাৰ উপৰিও চিগাৰেট, গুটখা আদিৰ পেকেটসমূহত কৰ্কট ৰোগৰ ভয়ানক চিত্ৰ অংকিত থাকে যদিও এই ব্যৱস্থাই সেৱনকাৰীক অকনো শংকিত কৰি নোতোলে। কৰ্কট ৰোগক সামান্য পৰিমানে হ’লেও ৰোধ কৰিব লাগিলে অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনে ধপাত নিষিদ্ধকৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।