NNO বাণিজ্য ডেস্কঃ এইবাৰ ছেভিংছ বেংক একাউণ্টত সুতৰ হাৰ হ্ৰাস কৰিছে ভাৰতীয় ষ্টেট বেংকে। ১কোটি টকা বা তাতকৈ কম বেলেঞ্চৰ ওপৰত সুতৰ হাৰ ৪ শতাংশৰ পৰা হ্ৰাস কৰি ৩.৫ শতাংশ কৰিবলৈ সিদ্ধান্ত লৈছে বেংকটোৱে। সোমবাৰে ৰেগুলেটৰি ফাইলিঙৰ মাধ্যমৰে এই সিদ্ধান্তৰ কথা প্ৰতিটো ষ্টক একছেঞ্জক অৱগত কৰে ষ্টেট বেংকে।

এক বিজ্ঞপ্তিত ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস আৰু উচ্চ প্ৰকৃত সুতৰ হাৰৰ কাৰণেই ছেভিংছ বেংক একাউণ্টৰ সুতৰ হাৰ কমোৱাৰ সিদ্ধান্ত লোৱা লোৱা হৈছে।

বেংকৰ তৰফৰ পৰা সোমবাৰৰ পৰাই এই নতুন নিয়ম কাৰ্যকৰী হ’ব বুলি জনাইছে। ইয়াৰ লগতে আৰম্ভ হ’ব দ্বি-স্তৰৰ ছেভিংছ একাউণ্ট ইণ্টাৰেষ্ট ৰেট ছিষ্টেম। এই অনুযায়ী যিসকলৰ একাউণ্টত ১ কোটিতকৈ অধিক ধন থাকিব তেওঁলোকে পূৰ্বৰ দৰে ৪ শতাংশ হাৰতেই সুত লাভ কৰিব। 

ইফালে এই ঘোষণাৰ পিছতে এছ বি আইৰ শ্বেয়াৰ মূল্য একেকোবে ৫ শতাংশ নিম্নগামী হৈ হৈছেগৈ ৩১২.৬৫ টকা। বিশেষজ্ঞসকলৰ মতে বুধবাৰে সুতৰ হাৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিব পাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে।