newsnextone.com | গুৱাহাটীঃ ৩০ জুলাইৰ পুৱা ১০ বাজি ১৯ মিনিটত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিছিল এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে। পুৱা ১০ বজাত এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূবাঞ্চলৰ দায়িত্বত থকা সচিব সত্যেন্দ্ৰ গাৰ্গে সংবাদ মেল সম্বোধন কৰি এনআৰচিৰ খচৰা মুকলি কৰিছিল। 

তাৰ লগে লগে সকলো তথ্য উক্ত দিনটোতে সংবাদমেল যোগে ৰাজহুৱা কৰিছিল ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছে। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৩ কোটি ২৯ লাখ লোকে আৱেদন কৰা এনআৰচিৰ খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জনৰ নাম সন্নিবিষ্ট কৰা হৈছে বুলি জানিবলৈ দিয়ে। 

এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই বুলি কৈছিল। সংবাদ মাধ্যত তথ্য ৰাজহুৱা কৰি এতিয়া দেশৰ শীৰ্ষ আদালতৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ। মঙলবাৰে দেশৰ শীৰ্ষ আদালতত অনুষ্ঠিত হোৱা শুনানি কালত দুয়োগৰাকী বিষয়াক তীব্ৰ সমালোচনা কৰি তথা আদালতক অৱগত নকৰাকৈ তথ্য ৰাজহুৱা কৰাৰ বাবে জেলত ভৰাব পাৰো বুলি কয়। 

উল্লেখ্য যে, দেশৰ সংসদত বিৰোধী দলে অসমৰ এনআৰচিক লৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে ৪০ লাখ লোকক বাদ পৰা বুলি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। 

যাৰ ফলত মঙলবাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি আদালতে আগতীয়াকৈ শুনানি অনুষ্ঠিত কৰি সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচিৰ তথ্য ৰাজহুৱা কৰাৰ অধিকাৰ কোনে দিলে বুলি উভতি ধৰে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছক। আদালতে দুয়োগৰাকী বিষয়াক সমালোচনা কৰি কয় যে পাহৰি নাযাব আপোনালোক একো একোগৰাকী চৰকাৰী বিষয়া। আদালতে দিয়া নিৰ্দেশ অনুযায়ী কামত মনোযোগ দিয়ক। আপোনালোকে আদালত অৱমাননা কৰিছে। সেই অধিকাৰ আপোনালোকক কোনে দিছে। শুদ্ধ এনআৰচিৰ স্বাৰ্থত আপোনালোকক জেলত ভৰোৱা নায়। আপোনালোকে সংবাদ মাধ্যমত এই তথ্য এৰি দিলে। আপোনালোকে কেৱল আদালতে দিয়া কামহে কৰক বুলি কয় আদালতে।