ডিজিটেল ডেস্কঃ পৰম্পৰা ৰক্ষাৰ নামত আমাৰ দেশত অদ্ভুত কাণ্ড সংঘটিত হয়। তাৰ মাজতে বিহাৰত পৰম্পৰা ৰক্ষাৰ নামত এগৰাকী যুৱকক বৌৱেকৰ সৈতে বিয়া কৰাই দিয়াত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হয় বিহাৰৰ গয়াৰ বিনোৱা নগৰত।

ককায়েকৰ মৃত্যু হলে বিধৱা বৌৱোকক বিয়া কৰোৱাৰ পৰম্পৰা ৰক্ষাৰ নামত দেওৰেককক বৌৱেকৰ সৈতে বিয়া পাতিব লাগে ৷ এই প্ৰথাৰ বশৱৰ্তী হৈয়ে এজন ১৪ বছৰীয়া ছাত্ৰই কৰিব লগা হ’ল আত্মহত্যা৷

জাানিব পোৱা মতে, বিধৱা বৌৱেকৰ সৈতে জোৰ জুলুমকৈ বিয়াত বহিব লগা হ’য় ১৪ বছৰিয়া ছাত্ৰই। যাৰ ববাে চিপলৈ আত্মহত্যা পথ বাছি লয় ছাত্ৰজনে মহাদেৱে৷  

খবৰ অনুসৰি কিশোৰ মহাদেৱ দাস চৰকাৰী বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰ ৷ কিছু মাহ পুৰ্বেই মহাদেৱৰ ককায়েক সন্তোষ দাসৰ মৃত্যু হয়৷ যাৰ ফলত ককায়েকৰ বিধৱা পত্নী ২৭ বছৰীয়া ৰুবী দাসৰ সৈতে বিয়াত বহিব লগা হয় মহাদেৱ৷ কিশোৰটোৱে বৌৱেকক মাতৃৰ দৰে জ্ঞান কৰিছিল। কিন্তু বৌৱেকক পিছলৈ পত্নী ৰূপে গ্ৰহণ কৰিব লগা হয়৷ 

পৰম্পৰাৰ দোহাই দি বিয়া পাতি দিয়া অভিভাৱকৰ উদ্দেশ্যে আছিল আন হে ৷ মৃত্যুৰ পিছত সন্তোষৰ পত্নীয়ে চৰকাৰৰ পৰা লাভ কৰিছিল ৮০ হাজাৰ টকা। সেই টকাৰ লোভৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰাই বোৱাৰীক।পুত্ৰৰ টকা যাতে বোৱাৰীয়ে মাকৰ ঘৰৰ মানুহক দিব নোৱাৰে তাৰ বাবে পৰম্পৰাৰ দোহাই দি মহাদেৱৰ পিতৃয়ে বোৱাৰীৰৰ সৈতে সৰু পুত্ৰৰ সৈতে বিয়া পাতি দিয়ে৷ 

পিছে বিয়া কৰাই দিয়াৰ পিছৰে পৰা পুত্ৰ মহাদেৱ অন্তৰ্ধান হয়। বিচাৰ খোচাৰ কৰাত বন্ধ কোঠাত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মহাদেৱৰ মৃতদেহ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ লগতে বিয়াত উপস্থিত থকা অন্য ৯ জন লোককো গ্ৰেপ্তাৰ কৰে৷