ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে চেলফি এক ট্ৰেণ্ডলৈ পৰিণত হৈছে৷ প্ৰত্যেক বছৰে বহু লোক চেলফিৰ বাবে মৃত্যুমুখত পৰে৷ সমগ্ৰ বিশ্বৰ ভিতৰতে চেলফি তুলি দুৰ্ঘটনা অথবা মৃত্যুমুখত পৰা লোকৰ সংখ্যা আটাইতকৈ বেছি৷

২০১৪ চনৰ মাৰ্চৰ পৰা ২০১৬ চনৰ চেপ্তেম্বৰলৈ সমগ্ৰ বিশ্বতে চেলফিৰ ফলত ১২৭ গৰাকী লোক মৃত্যুমুখত পৰিছে৷

ইয়াৰে ৭৬ জন লোকেই ভাৰতৰ৷ ছ’চিয়েল মিডিয়াত লাইক আৰু কমেন্টৰ বাবেই নিজকে বিপদত পেলোৱাৰ এই প্ৰৱণতাক ভয়ংকৰ বুলি আখ্যা দিছে মনোৰোগ বিশেষজ্ঞসকলে৷

কেতিয়াবা যদি চলন্ত ৰেলৰ আগত কেতিয়াবা আকৌ সুউচ্চ অট্টালিকাৰ মুধচত চেলফি উঠিব গৈ মৃত্যুমুখত পৰিছে বহুজন৷ বৰ্তমান বহুতৰ বাবে চেলফি এক বেমাৰলৈ পৰিগণিত হোৱা বুলিও ক’ব খোজে বহুজনে৷

প্ৰশাসনে ছেলফিৰ পৰা হোৱা এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ’ছেফটি বিফ’ৰ চেলফি’ হৈছে এনে এক প্ৰচাৰ অভিযান৷