ডিজিটেল ডেস্কঃ নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৮৪সংখ্যক কংগ্ৰেছ মহাধিৱেশন৷ দিল্লীৰ ইন্দিৰা গান্ধী ইন্দ’ৰ ষ্টেডিয়ামত পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে মহাধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়৷ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে৷

 

মহাধিৱেশনত ইউপিএৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে অংশগ্ৰহণ কৰি কয়, মই দলৰ নতুন অধ্যক্ষ ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শুভকামনা জনাইছোঁ৷ ৰাহুল গান্ধীয়ে বহুত প্ৰত্যাহ্বান নেওচি নিজৰ দায়িত্ব পালন কৰি আহিছে৷ আমি সকলোৱে মিলিজুলি তেওঁৰ কামত সহায় কৰা উচিত৷

তদুপৰি, মহাধিৱেশন চলি থকাৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে টুইটত কয়, ৫৬ ইঞ্চিৰ বুকু হ’লে নহ’ব, এখন হৃদয় লাগিব৷ আমি হিন্দু নহওঁ, হিন্দুস্তানীহে৷ এই টুইটত মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰীৰ নাম উল্লেখ নকৰিলেও আওঁপকীয়াকৈ নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে৷