বিশেষ প্ৰতিবেদনঃ শ্বাহনৱাজ, মুখতাৰ আব্বাছ নকভি, নাজমা হেপাতুল্লা, এমজে আকবৰ। অসমৰ কথা ক’লে নাম ল’ব লাগিব মুমিনুল আৱালৰ। এইসকল হৈছে বিজেপিৰ মুছলমান নেতা। কিন্তু আপুনি জানেনে বিজেপিৰ প্ৰথমজন মুছলমান নেতা কোন আছিল?

বিজেপিৰ প্ৰথমগৰাকী মুছলমান নেতা হৈছে পদ্মভূষণ ছিকন্দৰ বখত। এসময়ত তেওঁ আছিল কংগ্ৰেছ নেতা। ছিকন্দৰ কেইদিনমানৰ বাবে ভাৰতৰ বিদেশ মন্ত্ৰীৰ দায়িত্বতো আছিল। কাৰ্যকালৰ মাজতে মৃত্যুক আকোৱালি লোৱা প্ৰথমগৰাকী ৰাজ্যপাল কোন বুলি প্ৰশ্ন কৰিলেও উত্তৰত ক’ব লাগিব ছিকন্দৰৰ নাম। ছিকন্দৰ হৈছে সেইগৰাকী মুছলমান নেতা যাক বিজেপিয়ে জন্মলগ্নৰ নেতা বা প্ৰতিষ্ঠাপকসকলৰ মাজৰ এজন হিচাপে আখ্যা দি আহিছে।

ছিকন্দৰৰ জীৱন কাহিনী

ছিকন্দৰৰ বখতৰ জন্ম হৈছিল ১৯১৮ চনত। তেওঁৰ পিতৃ আছিল এজন ধপাত ব্যৱসায়ী। তেওঁ দিল্লীৰ এংলো-আৰৱী কলেজ (বৰ্তমানৰ জাকিৰ হুছেইন কলেজ) ত শিক্ষা গ্ৰহণ কৰিছিল। পঢ়ি থকা দিনত হকী খেলত সিদ্ধহস্ত আছিল ছিকন্দৰ। তেওঁৰ প্ৰাৰম্ভিক জীৱন আছিল তেনেই সাধাৰণ। ১৯৪৫ চনলৈকে তেওঁ আছিল ব্ৰিটিছ শাসিত ভাৰত চৰকাৰৰ যোগান বিভাগৰ এজন কেৰাণী। 

১৯৫২ চনত ছিকন্দৰে কংগ্ৰেছ দলৰ পৰা এমচিডি নিৰ্বাচনত জয়লাভ কৰে। ১৯৬৮ চনত তেওঁ দিল্লীৰ ইলেকট্ৰিক ছাপ্লাই আণ্ডাৰটেকিঙৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯৬৯ত যেতিয়া কংগ্ৰেছ দল দুভাগত বিভক্ত হৈ পৰে তেতিয়া ছিকন্দৰ বখতে ইন্দিৰা গান্ধীৰ সৈতে নগৈ কংগ্ৰেছৰ আনটো ফৈদত যোগ দিয়ে। এইদৰে তেওঁ ইন্দিৰা গান্ধীৰ লগতে তেওঁৰ বিশ্বাসীসকলৰ শত্ৰু হৈ পৰে।

১৯৭৫ চনৰ ২৫ জুনত যেতিয়া ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষিত হয় তেতিয়া ছিকন্দৰকো জেললৈ প্ৰেৰণ কৰা হয়। ১৯৭৬ চনৰ ডিচেম্বৰলৈকে তেওঁ ৰোহতক জেলতে আৱদ্ধ হৈ থাকে। জৰুৰীকালীন অৱস্থা শেষ হোৱাৰ পিছত জেলৰ পৰা মুক্তি লাভ কৰা নেতাসকলে ইন্দিৰাৰ বিৰুদ্ধে যুঁজ দিবলৈ বুলি জনতা দল গঠন কৰে। ছিকন্দৰেও জনতা দলত যোগ দিয়ে।

১৯৭৭ চনত জনতা দলৰ টিকটত দিল্লীৰ ছান্দনী চ’ক লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হয় ছিকন্দৰ। জনতা দলৰ মোৰাৰজী দেশাই চৰকাৰত তেওঁ লাভ কৰে মন্ত্ৰী পদ। ১৯৭৯ চনলৈকে তেওঁ মন্ত্ৰী হৈ থাকে।

অটলৰ হাতত ধৰি বিজেপিলৈ...

জৰুৰীকালীন অৱস্থাৰ সময়ত ছিকন্দৰৰ অটল বিহাৰী বাজপেয়ীৰ সৈতে মধুৰ সম্পৰ্ক গঢ় লৈ উঠে। ১৯৮০ চনত যেতিয়া জনতা দলৰ পৰা ফাঁট মেলি বিজেপি দল গঠন হয় ছিকন্দৰেও তাত যোগ দিয়ে আৰু পোনে পোনে তেওঁ লাভ কৰে মহাসচিবৰ পদ। ১৯৮৪ চনত তেওঁ লাভ কৰে বিজেপিৰ উপাধ্যক্ষৰ দায়িত্ব। বিজেপিৰ আৰম্ভণিৰ সময়ছোৱাত ছিকন্দৰেই আছিল একমাত্ৰ পৰিচিত আৰু ডাঙৰ মুছলমান নেতা।

১৯৯০ চনত তেওঁ মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ১৯৯২ চনত তেওঁ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা নিৰ্বাচিত হয়। ১৯৯৬ চনত পুনৰ তেওঁ ৰাজ্যসভাৰ পৰা সংসদত প্ৰৱেশৰ সুযোগ লাভ কৰে।

১৯৯৬ চনত বিজেপিয়ে প্ৰথমবাৰৰ বাবে কেন্দ্ৰত শাসনৰ সোৱাদ লাভ কৰে। এনডিএ চৰকাৰৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ছিকন্দৰ বখতক নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীত্ব পদ আগবঢ়ায়। কিন্তু উক্ত পদক লৈ সুখী নাছিল ছিকন্দৰ। সেইসময়ত দেশৰ বিশিষ্ট সাংবাদিক ৰাজদীপ সৰদেছাইয়ে গ্ৰহণ কৰা এক সাক্ষাৎকাৰত খঙতে তেওঁ কৈ উঠিছিল, 'আপুনি মোক সি সুধিব সেয়া জনা আছে। আপুনি মোক সুধিব যে মই মুছলমান হোৱা বাবেই জ্যেষ্ঠতাৰ ভিত্তিত উপযুক্ত সন্মান নাপালো নেকি?’

এসপ্তাহ পিছতে তেওঁক বিদেশ মন্ত্ৰণালয়ৰ মন্ত্ৰীত্ব প্ৰদান কৰা হয়। কিন্তু তেওঁৰেই দুৰ্ভাগ্য যে অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এনডিএ চৰকাৰ সেইবাৰ মাত্ৰ ১৩ দিনহে টিকি থাকে। এনেদৰে মাত্ৰ এসপ্তাহৰ বাবে ছিকন্দৰ বখতে ভাৰতৰ বিদেশ মন্ত্ৰী হোৱাৰ সোৱাদ লাভ কৰে। চৰকাৰৰ পতন ঘটাৰ পিছত পুনৰ তেওঁ ৰাজ্যসভাত বিৰোধী নেতাৰ দায়িত্ব লয়।

আদৱানিৰ বিৰুদ্ধে বিষেদগাৰ...

১৯৯৭ চনত বিজেপিৰ আটাইটকৈ শক্তিশালী নেতা আছিল অটল বিহাৰী বাজপেয়ী। কিন্তু অধ্যক্ষ পদত আছিল লালকৃষ্ণ আদৱানি। তেতিয়া ছিকন্দৰে মুকলিকৈ কৈছিল যে দলৰ অধ্যক্ষ পদৰ নিয়মক লৈ তেওঁ একমত নহয়। ছিকন্দৰে স্পষ্টকৈ কৈছিল যে কোনো দলৰ অধ্যক্ষই দুবাৰ একেটা পদত অধিষ্ঠিত হ’ব নালাগে। তেওঁ আদৱানিৰ পৰিৱৰ্তে সুন্দৰ সিং ভাণ্ডাৰীক বিজেপিৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰাবলৈ চেষ্টা চলাইছিল। লগতে জ্যেষ্ঠতাৰ ভিত্তিত তেওঁ নিজেও অধ্যক্ষ পদ বিচাৰে বুলিও আওপকীয়াকৈ ইংগিত দিছিল। 

ছিকন্দৰে দলৰ অধ্যক্ষৰ কাৰ্যকাল ৫ বছৰ হোৱাতো বিচাৰিছিল যদিও তেওঁৰ পৰামৰ্শক আওকাণ কৰা হৈছিল আৰু সেয়া দুবছৰেই কৰি ৰখা হয়। অৱশ্যে দলৰ সংবিধানত প্ৰয়োজনত কাৰ্যকাল বৃদ্ধি কৰা হ’ব পাৰে বুলি এটি নিয়ম অন্তৰ্ভুক্ত কৰে।

মুছলমানে বন্দে মাতৰম গোৱাত কি গুনাহ আছে?

১৯৯৭ চনত মুছলমানসকলে বন্দে মাতৰম নোগোৱাক লৈ ক্ষোভিত হৈ পৰিছিল ছিকন্দৰ। বিজেপিৰ নেশ্যনেল মুছলিম য়ুথ সন্মিলনত তেওঁ একাংশ মুছলমান সদস্যই বিজেপিৰ পৰম্পৰা অনুযায়ী বন্দে মাতৰ নোগোৱাক লৈ ক্ৰোধিত হৈ পৰে আৰুমুছলমানসকলে বন্দে মাতৰম গালে গুনাহ হোৱাৰ কথা ক’ত লিখা আছে বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে বন্দে মাতৰমৰ জৰিয়তে নিজৰ মাতৃভূমিক সন্মান প্ৰদৰ্শন কৰিব পাৰি। ইয়াত গুনাহৰ কোনো কথাই আহি নপৰে।

পিছত উমা ভাৰতীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে সদস্যসকলে উক্ত সন্মিলনত বন্দে মাতৰম গাব পৰাকৈ প্ৰস্তুতি কৰি অহা নাছিল। সেয়েহে বন্দে মাতৰম গোৱা নহ’ল। উমা ভাৰতীয়ে ছিকন্দৰে কথাটো ভুলকৈ বুজিলে বুলিও মন্তব্য কৰিছিল।

উমা ভাৰতীৰ মন্তব্যৰ পিছতে ছিকন্দৰে আকৌ কৈছিল, 'মই উমা ভাৰতীৰ সৈতে একমত নহয়। মুছলমানসকলে এনেকৈয়ে ভাবে যে বন্দে মাতৰম গোৱাতো উচিত নহয়। এই চিন্তাধাৰাৰ মই ঘোৰ বিৰোধী। এজন ভাৰতীয় হৈ এনে কথা ভবাৰ কাৰণেই বা কি থাকিব পাৰে?’

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ছিকন্দৰ বখত বিজেপিত এজন সাধাৰণ মুছলমান সদস্যৰ দৰেই আছিল। সদায় তেওঁ পাৰ্টীৰ বাকী সদস্যসকলৰ আগত ৰাষ্ট্ৰবাদৰ প্ৰতি কিমান উৎসৰ্গিত সেয়া প্ৰদৰ্শনৰ চেষ্টা চলাই গৈছিল। বিজেপিয়ে বৰ্তমান 'সবকা সাথ, সবকা বিকাশ’ৰ কথা কৈছে যেদিও দলটোৰ ৩৬ বছৰীয়া ইতিহাসলৈ চালে দেখা যায় যে মাত্ৰ ৩ জন মুছলমান নেতাইহে লোকসভাৰ সাংসদ হ’ব পাৰিছে। তেওঁলোক হৈছে শ্বাহনৱাজ হুছেইন, মুখতাৰ আব্বাথ লকভি আৰু আৰিফ বেগ। বাকী সকলোকে ৰাজ্যসভাৰ জৰিয়তে সংসদলৈ পঠিওৱা হৈছে। ছিকন্দৰো ইয়াৰ ব্যতিক্ৰম নাছিল। ছিকন্দৰ লোকসভাৰ সাংসদ হৈছিল জনতা দলৰ পৰা। কিন্তু বিজেপিত যোগ দিয়াৰ পিছতে তেওঁক ৰাজ্যসভালৈহে দলে প্ৰেৰণ কৰিছিল। 

বিজেপিৰ বাকী মুছলমান নেতাসকলৰ দৰেকৈ ছিকন্দৰ বখতো বিবাহপাশত আৱদ্ধ হৈছিল এগৰাকী হিন্দু মহিলাৰ সৈতে। নাম আছিল ৰাজ শৰ্মা। তেওঁ দুই সন্তানৰ নাম ৰাখিছিল অনিল বখত আৰু সুনীল বখত।

ৰাজ্যপালৰ পদত আন এক যাত্ৰা...

১৯৯৮ চনত যেতিয়া দ্বিতীয়বাৰৰ বাবে বাজপেয়ীয়ে চৰকাৰ গঠন কৰিছিল তেতিয়া ছিকন্দৰক দিয়া হৈছিল উদ্যোগ মন্ত্ৰীৰ পদ। ২০০০ চনত তেওঁক প্ৰদান কৰা হয় পদ্ম বিভূষণ। ২০০২ চনৰ ৯ এপ্ৰিলত ৰাজ্যসভাৰ কাৰ্যকালৰ অন্ত পৰাত তেওঁ নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰে।

ৰাজ্যসভাৰ কাৰ্যকালৰ অন্ত পৰাৰ ৯ দিন পিছতে তেওঁক কেৰালাৰ ৰাজ্যপাল নিযুক্ত কৰা হয়। তেতিয়া তেওঁৰ বয়স আছিল ৮৩ বছৰ ২৩৭ দিন। ৰাজ্যপাল হৈ থকা সময়তে ২০০৪ চনৰ ২৩ ফেব্ৰুৱাৰীত তিৰুৱনন্তপুৰমৰ মেডিকেল কলেজ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কাৰ্যকাল চলি থকা সময়তে মৃত্যুক আকোৱালি লোৱা ছিকন্দৰেই হৈছে প্ৰথমগৰাকী ৰাজ্যপাল। তেতিয়া কেৰালাত আছিল কংগ্ৰেছৰ চৰকাৰ। কেৰালাৰ কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিয়েই ৰাজ্যপাল ছিকন্দৰৰ চিকিৎসা সঠিকমতে কৰা নাছিল বুলিও অভিযোগ উত্থাপিত হয় যদিও কংগ্ৰেছে সেয়া খণ্ডন কৰে।

তেওঁৰ শেষকৃত্য অনুষ্টানত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ কেবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল। শেষকৃত্য অনুষ্ঠানত উপস্থিত থকা তেতিয়াৰ বিজেপি দলৰ অধ্যক্ষ ভেংকয়া নাইডুৱে কৈছিল, 'ছিকন্দৰ বখত বিজেপিৰ প্ৰতিষ্ঠাপক নেতাসকলৰ মাজৰ অন্যতম আছিল। তেওঁ আছিল সৎ আৰু তীক্ষ্ন বুদ্ধিৰ। তেওঁ প্ৰতিটো দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল। তেওঁ আছিল প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদী, প্ৰকৃত ছেকুলাৰ। তেওঁ আছিল প্ৰকৃতাৰ্থত এজন সৎ লোক।’ 

মুছলিম লীগৰ সৈতে সম্পৰ্ক

সেই সময়ত ছ’চিয়েল মিডিয়া নাছিল। সেয়ে স্বাধীনতাৰ ঠিক পিছতে আৰএছএছৰ মুখপত্ৰত ছিকন্দৰ বখতক লৈ প্ৰকাশ পোৱা লেখা ভাইৰেল হ’বলৈ নাপালে। যেতিয়ালৈকে ছিকন্দৰ কংগ্ৰেছত আছিল তেতিয়ালৈকে আৰএছএছে মুখপত্ৰত তেওঁক মুছলিম লীগৰ ইপিঠি-সিপিঠি আখ্যা দি আহিছিল। নিয়মমাফিকভাৱেই তেওঁ বিজেপিত যোগ দিয়াৰ লগে লগে আৰএছএছৰো সুৰ সলনি হৈ পৰে।

১৯৫২ চনত আৰএছএছৰ মুখপত্ৰ 'অৰ্গেনাইজাৰ’ত ছিকন্দৰ বখতক লৈ এটা লেখা প্ৰকাশ পাইছিল। লেখাটোৰ শিৰোনাম আছিল 'ছিকন্দৰ বখত এণ্ড কোম্পানী’। উক্ত লেখাটোত ছিকন্দৰক বেশ্যাৰ সন্তান আখ্যা দিয়া হৈছিল। তাত আৰু লিখিছিল, '১৯৪৫ চনত ছিকন্দৰ বখত মুছলিম নীল নেশ্যনেল গাৰ্ডৰ সৈতে সংযুক্ত হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে আনছাৰী হৈছিল। আনছাৰী হোৱাৰ পিছত তেওঁৰ লিয়াকত আলী খানৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠে। সেই সময়তে দিল্লীৰ কংগ্ৰেছ নেতা সুভদ্ৰা যোশীৰ সৈতে তেওঁৰ পৰিচয় হয়। সুভদ্ৰা যোশীৰ আস্থাভাজন হৈ পৰাত তেওঁ ছিকন্দৰক কংগ্ৰেছলৈ লৈ আহে আৰু শান্তি দলৰ নেতা হোৱাৰ সুযোগ দিয়ে।’

এনেদৰে 'অৰ্গেনাইজাৰ’ত সংঘই ছিকন্দৰ আৰু সুভদ্ৰাক লৈ একাধিক সমালোচনা কৰিছিল। ছিকন্দৰৰ মুছলমান প্ৰীতি আৰু পাকিস্তান প্ৰীতিক লৈ সৰৱ হৈ পৰিছিল সংঘৰ মুখপত্ৰ। পিছে বিজেপিত ভৰি দিয়াৰ লগে লগে ছিকন্দৰ হৈ পৰিছিল প্ৰকৃতাৰ্থত ৰাষ্ট্ৰবাদী এজন নেতা। ছিকন্দৰৰ মৃত্যুৰ পিছত সংঘৰ সৰসংঘচালক কে চি সুৰ্দৰ্শনে তেওঁক সিদ্ধান্ত-স্তম্ভ আখ্যা দি এজন দেশপ্ৰেমিক মুছলমান হিচাপে অভিহিত কৰিছে। অৱশ্যে তেওঁৰ সমৰ্থকসকলে বিজেপিৰ পৰা যিধৰণৰ গুৰুত্ব পাব লাগিছিল সেই ধৰণৰ গুৰুত্ব ছিকন্দৰে নাপালে আৰু কেৱল ৰবৰ ষ্টাম্পৰ দৰে পদবীৰেই দলে তেওঁক সন্তুষ্ট ৰাখিবলৈ চেষ্টা চলাইছিল বুলি দাবী কৰি আহিছে।