লণ্ডনঃ প্ৰথম বিশ্ব যুদ্ধত অংশগ্ৰহণকাৰী ভাৰতীয় সৈন্যৰ স্মৰণত দেওবাৰে ব্ৰিটেইনত উন্মোচন কৰা হৈছিল এটা শিখ সৈনিকৰ ১০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। কিন্তু পৰিতাপৰ কথা, মূৰ্তিটো উন্মোচনৰ কেইঘণ্টামানৰ পাছতেই ইয়াক লণ্ড-ভণ্ড কৰা হয়।

পশ্চিমীয়া দেশসমূহত ভাৰতীয় লোক বৰ্ণ বৈষম্যৰ বলি হোৱা ঘটনা নতুন নহয়। এনে মানসিকতাৰেই বলি হ’ল প্ৰথম মহাসমৰত ভাগ লোৱা তথা ১৫ নং শিখ বেটেলিয়নৰ সৌৰ্য-বীৰ্য প্ৰতিফলিত কৰা এই মূৰ্তিটো।

উল্লেখ্য যে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ সেনাৰ হৈ ডেৰ লাখ ভৰতীয় সৈন্যই অংশগ্ৰহণ কৰিছিল।