• অসম ৰাজ্যিক নাট প্ৰতিযোগিতাৰ বিজয়ী সকলক সম্বৰ্ধনা

 

খাৰুপেটীয়াঃ আজি শিল্পী দিৱস।ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ আগৰৱালাৰ আজি মৃত্যু তিথি উপলক্ষে জিলাখনৰ বিভিন্ন ঠাইৰ লগতে খাৰুপেটীয়া, দলগাঁও আদি অঞ্চলত শিল্পী গৰাকীৰ শোৱৰণত সভাৰ আয়োজন কৰা হয়। খাৰুপেটীয়া দৰং জাতীয় বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে জোতিপ্ৰসাদ আগৰৱালাৰ কলা সংস্কৃতিৰ জীৱনীমূলক বিষয় বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, কবিতা আবৃত্তি আদি প্ৰতযোগীতাৰ আয়োজন কৰা হয়। 

আবেলি ১-৩০ বজাৰ পৰা খন্দকাৰ দেলোৱাৰ হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত অসম ৰাজ্যিক সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দ্বীপেন্দ্ৰ নাৰায়ণ কুৱৰ, সাংগঠনিক সম্পাদক ৰাণা আলম, সাহিত্যিক প্ৰমোদ ৰঞ্জন সাহা, আজমল কলেজৰ উপাধ্যক্ষ ৰবিউল ইছলাম, জ্যেষ্ঠ সাংবাদিক মেচেৰ আলী, লেখিকা কুলসুম আহমেদ, প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অসমীয়া ভাষা কলা সংস্কৃতিৰ  নতুন তথা উন্নয়নৰ দিশলৈ ধাৱিত কৰি অানিবলৈ  সক্ষম হোৱা অসমীয়া চলচিত্ৰ জগতৰ অন্যতম হোতা শিল্পীগৰাকীৰ  জীৱনাদৰ্শৰ ওপৰত মুল্যবান বক্তব্য দাঙি ধৰে।

   

জোতিপ্ৰসাদ আগৰৱালাই  নিৰ্মাণ কৰা অসমীয়া প্ৰথম বোলছবি জয়মতীয়ে অসমৰ চলচিত্ৰক সমৃদ্ধ কৰি তুলিছিল। তেখেতে গানেৰে অসমীয়া ভাষা, কৃষ্টিক উজ্জীৱিত কৰি তুলিছিল।তেখেতৰ প্ৰায় বোৰ গানত অসমৰ সমাজ জীৱনৰ মাটিৰ গোন্ধ প্ৰবাহিত হয়। তেখেতে লিখিছিল -অ’ আমাৰ গাও, আমাৰ গাঁৱৰ মান ৰাখি, মৰিবলৈ যাও আমি, মৰিবলৈ যাও। অসমৰ ডেকা শক্তিয়ে তেখেতৰ গীতত প্ৰাণ ঘূৰাই পাইছিল, চেতনা ঘূৰাই পাইছিল। গানেৰে স্বদেশ, স্বজাতিক ভাল পাবলৈ শিকাইছিল। আজিৰ দিনত তেখেতৰ গানৰ প্ৰাসংগিকতা যথেষ্ট আছে। বিশেষকৈ জাতীয় চেতনা উদ্বুদ্ধ কৰা সকলো সমল তেখেতৰ গানত নিহিত আছে। সেয়ে যুগে যুগে তেখেত অমৰ হৈ ৰ’ব, অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব।  

ইফালে দলগাওঁ সাহিত্য সভাৰ উদ্যোগত আৰু দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ সহযোগ শিল্পী দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটোত গীত মাত লগতে  কন কন শিশু সকলে কবিতা আবৃতি কৰে। শিল্পী দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন কৰে। অনুষ্ঠান দুটা ৰূপায়নত আত ধৰাৰ লগতে সহযোগ কৰে দলগাঁৱৰ সভানেত্ৰী মৃনালিনী গায়ন, সম্পাদক ধীৰেন নাথ শইকীয়া সহযোগত বাছিৰ আহমেদ
আৰু খাৰুপেটীয়াৰ সম্পাদক আবু জাফৰ দেৱান, মইনুল হক, আদিয়ে। 

উল্লেখ্য যে  আজি শিল্পী  দিৱসত  মাজুলিৰ গগামুখত  অসম ভিত্তিত আয়োজিত একক নাট প্ৰতিযোগিতাত  প্ৰথম পুৰস্কাৰ লাভ কৰা দৰঙৰ খাৰুপেটীয়াৰ মিলনজ্যোতি সাহিত্য সভাৰ নছিউৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয়। লগতে উক্ত অনুষ্ঠানত মুকাভিনয়ত দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা আব্দুছ ছাত্তাৰ, আৰু ছাহানুৰক  পুৰস্কৃত কৰা হয়। আনহাতে দলগাঁৱতো শিল্পী সকলক সম্বৰ্ধনা জনোৱা হয়।