নগাঁওঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চলি থকা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা নিয়াৰিকৈ আৰু সুকলমে অনুষ্ঠিত কৰাৰ লগতে কোনোয়ে যাতে অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে ছেবাই বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও নকলৰ পয়োভৰ ৰোধ কৰাত কিন্তু সফল হ’ব পৰা নাই৷ 

কিয়নো পৰীক্ষাৰ পহিলা দিনটোৰপৰাই বিভিন্ন প্ৰান্তত নকল কৰাৰ অপৰাধত বহিষ্কাৰ হ’বলগীয়া হৈছে পৰীক্ষাৰ্থী৷ ইয়াৰ ব্যতিক্ৰম নহ’ল আজি অনুষ্ঠিত হোৱা সাধাৰণ গণিতৰ পৰীক্ষাটো৷ জানিব পৰা মতে, নগাঁও জিলাৰ জাজৰিৰ সমীপৱৰ্তী বৰছিলাস্থিত উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰপৰা এগৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হয়৷ 

শুকুৰবাৰে অনুষ্ঠিত হোৱা সাধাৰণ গণিত বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অপৰাধত আবু বক্কৰ ছিদ্দিক(ৰোল-বি-১৯/৬০০ নং-০৩৪৯) নামৰ পৰীক্ষাৰ্থী গৰাকীক কেন্দ্ৰটোত নিয়োজিত বৰ্হিঃনিৰীক্ষক নজৰুল ইছলামে পৰীক্ষাগৃহৰপৰা বহিষ্কাৰ কৰে৷ বহিষ্কৃত পৰীক্ষাৰ্থীগৰাকী বটদ্ৰৱাৰ সমীপৰ ৰামপুৰ ছাহেদ আলী হাইস্কুলৰ ছাত্ৰ৷ 

ইফালে, এই পৰীক্ষাকেন্দ্ৰটোত যাতে নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে কেন্দ্ৰটোত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহন কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই৷ আনকি পূৰ্বে কৰা ঘোষণাক আওকাণ কৰি পৰীক্ষাকেন্দ্ৰলৈ ম’বাইল ফোন লৈ অহা বহুকেইগৰাকী পৰীক্ষাৰ্থীৰপৰা আজি ম’বাইল ফোন কাঢ়ে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই৷