আহোম ৰাজত্বৰ সমসাময়িক কালছোৱাতে ঘনশ্যাম দ'ল নিৰ্মিত....দ’লটোৰ শিল্পকৰ্মত হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰে প্ৰভাৱ  আছে.....

NNO প্ৰতিবেদক, শিৱসাগৰ


ঘনশ্যাম দ'ল শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত অৱস্থিত। দেৱীদ’লৰ দক্ষিণফালে আহোম স্বৰ্গদেৱে বংগদেশৰপৰা অনোৱা ঘনশ্যামউদ্দিন নামৰ খনিকৰ আৰু স্থপতিবিদে এই দ’লটো নিৰ্মান কৰিছিল।

পোৰামাটিৰে নিৰ্মিত উত্তৰপূব ৰ  প্ৰথমটো ভাষ্কৰ্য শিৱসাগৰৰ  ঘনশ্যাম দল


ঘনশ্যাম দ’লৰ আকাৰ বাকীবোৰ দ’ল বা মন্দিৰতকৈ সৰু। দ’লটোৰ ওপৰত এটা টোপ আছে। সেই টোপটোৰ আকাৰ আয়তৰ নিচিনা বংগদেশৰ গৌড়ীয় মঠৰ লগত এই দ’লটোৰ সাদৃশ্য আছে। দ’লটোৰ শিল্পকৰ্মত হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰে প্ৰভাৱ দেখা যায়।এই দ’লটোৰ দুৱাৰৰ আৰ্হি মোগলীয়। দ’লটোত দুটা খুঁটা বা স্তম্ভ আছে লগতে দ’লটোৰ চাৰিওফালে এটা গড় আছে।


ঐতিহাসিক সম্পদ সংৰক্ষণৰ দিহা কৰা চৰকাৰখনৰ দায়িত্ব ৰংঘৰতেই সমাপ্ত নেকি!


 NNO প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত বুৰঞ্জীবিদ এগৰাকীয়ে  উল্লেখ কৰে যে ," আহোম ৰাজত্বৰ সমসাময়িক কালছোৱাতে ঘনশ্যাম দল নিৰ্মিত। কিন্তু আহোম যুগৰ মন্দিৰসমূহৰ  আর্হিৰে এই ঘৰটো নির্মাণ হোৱা নাই৷ ইয়াত মোগল স্থাপত্যৰ প্রভাৱ আছে।" এনে সমল অসমত বিৰল, সমগ্ৰ উত্তৰ পূর্বাঞ্চলতে এনে পোৰামাটিৰ ভাস্কর্য দেখা নাই বুলি বুৰঞ্জীবিদগৰাকীয়ে  দোহাৰে। ঘনশ্যাম ঘৰটোৰ দেৱালসমূহত  বিভিন্ন জনগোষ্ঠীৰ জনজীৱনৰ ছবিৰ লগতে বিভিন্ন পশু-পক্ষী, চিকাৰী চিত্র, বিভিন্ন নৃত্য, আহোম যুগৰ পাখি লগা ড্রেগনৰ ভাস্কর্য, আহোম ৰজাৰ মোহৰৰ ভাস্কর্যৰ লগতে অনেকবোৰ ভাস্কর্য অংকন কৰা আছে।অতি পৰিতাপৰ বিষয় যে  চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই আজিও ঘনশ্যাম দল  পৰিত্যক্ত হৈ ৰৈছে।