শিৱসাগৰঃ যিদৰে নিৰ্বাচনী প্রচাৰ তুংগত উঠিছে সেইদৰে হেপাঁহৰ বিহুটিক আদৰিবলৈ অসমীয়াই ককাঁলত টঙালী বান্ধিছে৷

এয়া শিৱসাগৰ জিলাৰ দিখৌমুখৰ দৃশ্য ,পদুলি মুখত অসমীয়াৰ বাপটি সাহোন ৰঙালী বিহু,

"অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোতকৈ চেনেহৰ মাকু তাতোতকৈ চেনেহৰ ব'হাগৰ বিহুটি নাপাতি কেনেকৈ থাকো"...৷ বিহু বুলিলেই অসমীয়াৰ গা সাতখন আঠখন, এনেদৰেই দিখৌমুখৰ মিলিত শিল্পী সমাজত একাংশ স্থানীয় যুৱকৰ প্রচেষ্টাত চলোৱা হৈছে বিহু আখৰা৷

এইবাৰ এই কৰ্মশালাত ১০০ ৰো অধিক নাচনীয়ে অংশগ্রহণ কৰিছে বুলি জানিবলৈ দিছে স্থানীয় যুৱক বৃন্দই৷