বাৰ্লিনঃ ছচিয়েল মিডিয়াত বিদ্বেষপুৰ্ণ কথা-বতৰা, উৰাবাতৰি আৰু অপপ্ৰচাৰ চলাটো কোনো নতুন কথা নহয়। পিছে ব্যৱহাৰকাৰীৰ হাতত অবাধ স্বাধীনতা তুলি দিয়া এই গণমাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰস্তুতি চলিছে। বাক স্বাধীনতা প্ৰকাশ কৰাৰ অন্যতম মাধ্যম হিচাপে সকলোতে জনপ্ৰিয় হৈ পৰা ফেচবুকৰ প্ৰতি বিতুষ্ট হৈ পৰিছে শাসকীয় পক্ষ। বাক স্বাধীনতাৰ এই জনপ্ৰিয় মঞ্চখনক নিয়ন্ত্ৰণলৈ অনাৰ বাবে সেয়ে এক আইনী পদক্ষেপ লোৱা হৈছে।

জাৰ্মান চৰকাৰে শেহতীয়াকৈ অনুমোদন জনোৱা এই বিশেষ আইনখনৰ খচৰাত সৰ্বসাধাৰণক বিপথে পৰিচালিত কৰিবপৰা ছচিয়েল নেটৱৰ্কিং ছাইটৰ বিদ্বেষপুৰ্ণ পোষ্ট আৰু উৰাবাতৰি আদি আঁতৰাই নেপেলালে ছাইটবোৰে ভৰিব লাগিব জৰিমনা। এই জৰিমনাৰ পৰিমাণ ৫৩ মিলিয়ন ইউৰো পৰ্যন্ত হ’ব পাৰে। অৰ্থাৎ এই পৰিমাণ ৩০০ কোটিৰো অধিক।

পোষ্ট আঁতৰোৱাৰ বাবে সময় দিয়া হ’ব এসপ্তাহ সময়। বাক স্বাধীনতা সংক্ৰান্ত এনে পোষ্টৰ ওপৰত ব্যৱহাৰকাৰীয়ে ৰিপ’ৰ্ট কৰাৰ লগে লগে এসপ্তাহতে পদক্ষেপ গ্ৰহণ কৰিব লাগিব ছাইটৰ কৰ্তৃপক্ষই। একেধৰণৰ নিয়ম ইউৰোপীয় সংঘতো উত্থাপন কৰাৰ প্ৰসংগ উত্থাপন কৰিছে জাৰ্মানীৰ আইন মন্ত্ৰী হেইকো মাছে।

২৪ ছেপ্তেম্বৰত প্ৰস্তাবিত সংসদীয় নিৰ্বাচনৰ পুৰ্বে উৰাবাতৰি, বিদ্বেষজনিত মন্তব্য, বিশেষকৈ ভগনীয়া সংক্ৰান্ত আদিয়ে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰিব পাৰে বুলি ৰাজনৈতিক দলসমূহে আশংকা ব্যক্ত কৰাৰ পিছতে আইন মন্ত্ৰালয়ে এনে এক সিদ্ধান্তলৈ আহে। ৰাস্তাই-ঘাটে হোৱা অপৰাধ যেনেদৰে সহ্য কৰা নহয়, তেনেদৰেই ছচিয়েল মিডিয়াতো হিংসা-বিদ্বেষ উদ্ৰেগকাৰী কতা-বতৰাৰ প্ৰতিও আইনৰ সমদৃষ্টি থাকিব লাগে বুলি মন্তব্য কৰিছে আইন মন্ত্ৰী হেইকোৱে।

য’তেই বাক স্বাধীনতা শেষ হয়, তাৰপৰাই ফৌজাদাৰী আইন আৰম্ভ হয়- হেইকোৱে কয়। প্ৰসংগক্ৰমে হেইকোৱে কয় যে চৰকাৰী সমীক্ষাত প্ৰকাশ পোৱা অনুযায়ী অপৰাধ বুলি বিবেচনা কৰা পোষ্টৰ কেৱল ৩৯ শতাংশহে ফেচবুকে আঁতৰাইছে। তাতকৈ এখোজ আগত থাকি টুইটাৰে মাত্ৰ ১ শতাংশ বিদ্বেষপুৰ্ণ মন্তব্য আঁতৰাইছে।

চৰকাৰৰ এনে এক পদক্ষেপৰ ফলত দেশখনত নাগৰিকৰ স্বাধীনতা খৰ্ব হ’ব বুলি আশংকা কৰিছে ডিজিটেল ছচাইটি এছছিয়েশ্যন মুৰব্বী ভলকাৰ ট্ৰিপে। দেশৰ প্ৰায় ২৯ মিলিয়ন নাগৰিকে, অর্থাৎ এক তৃতীয়াংশ লোকে ফেচবুক ব্যৱহাৰ কৰি আছে আৰু ইমানবোৰ লোকৰ মাজৰপৰা বিদ্বেষপুৰ্ণ মন্তব্য আঁতৰোৱাৰ বাবে অশেষ কষ্ট ফেচবুকে কৰি আছে বুলি ছচিয়েল মিডিয়াটোৰ এগৰাকী মুখপাত্ৰই মন্তব্য কৰিছে। আইনখনৰ প্ৰতি সামান্য সন্দিহান হৈ পৰা বুলিও মুখপাত্ৰজনে মত ব্যক্ত কৰিছে।

আইনখনৰ খচৰা এতিয়াও সংসদত অনুমোদন হোৱাৰ অপেক্ষাত থকাৰ সময়তে টুইটাৰে চলিত বৰ্ষৰ ভিতৰতে ৰাজধানী চহৰ বাৰ্লিনত ৭০০ জন কণ্টেণ্ট মডাৰেটৰ নিযুক্তি দিব।