লিডুঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় হৈ পৰে ছ'চিয়েল নেটৱকিং ছাইট। কি ডেকা, কি বুঢ়া সকলোৱে এতিয়া ফেচবুক-টুইটাৰক লৈ৷ ফেচবুক, টুইটাৰৰ সৈতে ফেৰ মাৰিবলৈ সাজু হৈছে এগৰাকী অসমৰ যুৱকে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইৰ যুগান্তকাৰী পদক্ষেপেৰে উজলি উঠিবলৈ সক্ষম হৈছে যুৱকগৰাকীয়ে৷

মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাইস্থিত এলেকাৰ ৱাজুদ্দিন আহমেদ ওৰফে মন অছম নামৰ বিশেষ প্ৰতিভাসম্পন্ন এজন যুৱকে এক ব্যতিক্ৰমি প্ৰচেষ্টাৰে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দিশত এখোজ আগুৱাই গৈ ছ'চিয়েল নেটৱকিং ছাইটত সফলতা লাভ কৰিছে৷ ছ'চিয়েল নেটৱকিং ছাইট সজাই তুলিছে৷ নাম ৰখিছে স্মাৰ্টএজাৰ্চ৷ সৰুৰে পৰা কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ মনত পুহি ৰখা এইজন যুৱকে লিডু মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ছ'চিয়েল নেটৱকিং ছাইটো মুকলি কৰে৷

ছ'চিয়েল নেটৱকিং ছাইটত থাকিব টুইটাৰ ফেচবুক সদৃশ একাধিক ফিচাৰ্ছ৷ যাৰ মাধ্যমেৰে নিজৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ সৈতে সহজেই সংযুক্ত হৈ থকাৰ সুবিধা লাভ কৰিব৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বহুমূখী ছ'চিয়েল নেটৱকিং ছাইট যাৰ নিৰ্মাতা এজন অসমীয়া দৰিদ্ৰ পৰিয়ালৰ যুৱক৷

প্ৰতিভাসম্পন্ন যুৱকেজনে প্ৰযুক্তি বিদ্যাৰ মাধ্যমেৰে আনলিমিটেড ভিডিঅ, অডিঅ কলিং কৰাৰ সুবিধা পাব৷ ইতিমধ্যে যুৱকজনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা গুগলে অনুমতিমূলক পত্ৰ প্ৰেৰণ কৰে৷ গুগলত গৈ স্মাৰ্টএজাৰ্ছ ডট কম (smartAgerZ.com) বুলি সন্ধান কৰিলেই উপলব্দ হ’ব ছ'চিয়েল নেটৱকিং ছাইতটো৷ ফেচবুকৰ দৰে পোষ্ট, অডিঅ কমেন্ট, ব্লগিং, পলিং তথা ব্যৱহাৰ কৰিব পাৰে৷ পৰৱৰ্তী সময়ত ৱেবছাইট বিধৰ এনড্ৰয়েড এপ্লিকেছন আগবঢ়োৱাৰো যোজা চলাই থকা হৈছে বুলি যুৱকজনে জানিবলৈ দিয়ে৷