নগাঁওঃ নগাঁও জিলাৰ বিৰহ বেবেজীয়া নিবাসী বিশিষ্ট সমাজকৰ্মী মহেশ্বৰ বৰঠাকুৰৰ আজি পুৱা প্ৰায় ১১ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভূগি থকা বৰঠাকুৰক হঠাতে অসুস্থ হৈ পৰাত যোৱা দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত চিকিৎসৰ পৰামৰ্শ মতে ঘৰলৈ আনি চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছিল৷ 

ভাৰতীয় জীৱন বীমা নিগমৰ অৱসৰী উচ্চ পদস্থ বিষয়া বৰঠাকুৰ বৃহত্তৰ বেবেজীয়াৰ লগতে জিলাখনৰ বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপোতভাবে জড়িত থাকি সমাজমুখী চিন্তাৰে সমাজৰ হিত সাধনৰ হকে নিজকে অৰ্পণ কৰিছিল ৷ মুখত এমোকোৰা হাঁহি লৈ চাইকেল চলাই চলাই সকলোৰে সুখ আৰু দুখৰ সমভাগী হৈ ভাল পোৱা বৰঠাকুৰৰ প্ৰচেষ্টাতে বেবেজীয়াৰ সমীপৰ শেনচোৱাত স্থাপিত হৈছিল "শংকৰদেৱ শিশু নিকেতন" নামৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান৷ 

মহেশ্বৰ বৰঠাকুৰৰ মৃত্যুত ভাৰতীয় জীৱন বীমা নিগম,বেবেজীয়া প্ৰেছ ক্লাৱ, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেবেজীয়া স্বাস্থ্য কেন্দ্ৰ, নগাঁও বাহ্মন সমাজ,বেবেজীয়া আঞ্চলিক বাহ্মন সমাজ, কল্লোল গোষ্ঠী, অম্লান গোষ্ঠী, বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দূৰ্গা পূজা সমিতি, সংস্কৃত ভাষা বিকাশ মঞ্চকে প্ৰমুখ্য কৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। প্ৰয়াত বৰঠাকুৰে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, তিনিগৰাকী কন্যা সন্তান সহিতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।